Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চাপাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা; বাইক-ক্ৰিয়েটাৰ মুখামুখী সংঘৰ্ষ

সঞ্জয় সৰকাৰ , কাজলগাঁও , ১৩ মাৰ্চ : চিৰাং জিলাৰ চাপাগুৰিত যোৱা নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হৈছে । প্ৰাপ্ত খবৰ ...


সঞ্জয় সৰকাৰ , কাজলগাঁও , ১৩ মাৰ্চ
: চিৰাং জিলাৰ চাপাগুৰিত যোৱা নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হৈছে । প্ৰাপ্ত খবৰ মতে , চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ব্যস্ততাপূৰ্ণ চাপাগুৰি চাৰিআলিত থকা চান্দ ফোৰ্ড শ্বৰুমৰ কাষত ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথৰ উপ পথেদি এ এছ ১৯ কে - ৯৯১৯ নম্বৰৰ মটৰ চাইকেলেৰে সুবোধ কুমাৰ পাণ্ডে নামৰ লোকজনে চাপাগুৰি অভিমুখে আহি থাকোতে বিপৰীত দিশৰ পৰা অহা এ এছ ২৬ বি - ০০১২ নম্বৰৰ তীব্ৰবেগী ক্ৰিয়েটা গাড়ীখনে খুন্দিওৱাৰ ফলত বাইক আৰোহীজন ছিটিকি পৰে আৰু গুৰুতৰভাৱে আহত হয় । উক্ত দুৰ্ঘটনাত বাইক আৰোহী সুবোধ কুমাৰ পাণ্ডেৰ এখন ভৰি ঘটনাস্থলীতে দুফাল হৈ ছিটিকি পৰে । ততালিকে চাপাগুৰিত যান বাহন নিয়ন্ত্ৰণত থকা পহৰাৰত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰাৰ লগতে আহত ব্যক্তি গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰায় । বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত চিকিৎসাীন গুৰুতৰভাৱে আহত সুবোধ কুমাৰ পাণ্ডেৰ ঘৰ বঙাইগাঁও চহৰৰ বি অ' চি গেটত বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্থ গাড়ী দুখন নিজৰ জিম্মাত লোৱাৰ লগতে ঢালিগাঁও থানাত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহৰ ৰাখিছে ।

No comments