Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

"কংগ্ৰেছ শাসনলৈ আহিলে অসমীয়া জাতি সংকটত পৰিব"-সৰ্বানন্দ সোনোৱাল

  গণবাৰ্তা দেৰগাঁও, ২৪ মাৰ্চঃ অসম বিধান সভাৰ ২০২১ চনত প্ৰৱল হৈছে বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী উদ্ধাৰ চেষ্টা। আজি দেৰগাঁও ৰাজহ চক্ৰৰ অৰ্ন্...


 গণবাৰ্তা দেৰগাঁও, ২৪ মাৰ্চঃ অসম বিধান সভাৰ ২০২১ চনত প্ৰৱল হৈছে বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী উদ্ধাৰ চেষ্টা। আজি দেৰগাঁও ৰাজহ চক্ৰৰ অৰ্ন্তগত চিৰিশটিকাৰ ব্ৰহ্মপুত্ৰ জেষ্ঠ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত বিজেপি মিত্ৰজোঁটৰ সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিগত চৰকাৰে অসমত কৰা উন্নয়ন মূলক কামৰ লগতে আহিব লগীয়া সময়ত চৰকাৰে কৰিব কাম সমূহৰ প্ৰতিশ্ৰুতি দিয়ে। নিজৰ ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিগত বিধান সভা নিৰ্বাচনত ৰাইজে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনক ক্ষমতাত অধিষ্ঠিত কৰিছিল এই আশাৰে যে এই চৰকাৰে দূৰ্নীতি ভ্ৰষ্টাচাৰ বিৰুদ্ধে যুঁজ দিব, অসমত প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰাৰ বাবে ব্যৱস্থা লব আৰু প্ৰদূষণমুক্ত অসম গঢ়িব, কাজিৰঙাৰ এশিঙীয়া গঁড়ক নিৰাপত্তা প্ৰদান কৰি চোৰাংচিকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দিব, লগতে সন্ত্ৰাসবাদ মুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ অভিযান চলাব। ইফালে ভাৰত-বাংলা সীমান্ত ছীল কৰি অবৈধ বিদেশীৰ পথ স্থায়ী ভাৱে বন্ধ কৰিব। লগতে অসমৰ ছাব্বিছ হাজাৰ গাঁও আৰু ডেৰ হাজাৰ চাহবাগিছাৰ, ৯৮ খন নগৰৰ লোকক লৈ প্ৰায়ে চাৰে তিনি কোটি বিভিন্ন জাতি জনগোষ্ঠীক, ভাষাভাষী লোকক সমমৰ্যদা সহকাৰে ভোট কৰাৰ সুবিধা প্ৰদান কৰাৰ লগতে সমন্বয় স্থাপন কৰিলে বুলি কয়। লগতে ৰাইজে আশা কৰাৰ ধৰণে যোৱা পাঁচ বছৰে কাম কৰিলে বুলি কৈ খেতিয়ক, শ্ৰমিক, যুবক যুবতী, ছাত্ৰ ছাত্ৰী, পুৰুষ মহিলা আৰু দিব্যাংগ ইত্যাদি সকলো শ্ৰেণীৰ লোকৰ বাবে আঁচনি হাতত ললে। আঁচনিৰ জড়িয়তে চৰকাৰৰ ঘৰৰ পৰা ধন হিতাধিকাৰীৰ হাতলৈ শতকৰা এশ শতাংশই গৈছে। কিন্তু কংগ্ৰেছৰ কাৰ্যলয়ত বিধবা পেন্সন, জব কাৰ্ড বাবে, ৰেচন কাৰ্ড, সোতা কম্বল, মাটি বাৰী, চাকৰি বাবেও পইচা দিব লগা হৈছিল। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত মুঠ ২৬০ জন দূৰ্নীতিগ্ৰস্ত লোকক কৰায়ত্ব কৰাৰ লগতে এপিএছচিৰ বক্ৰপথৰে চাকৰি লোৱা ৬০ জনৰ চাকৰি পৰা বৰ্খাস্ত কৰা জেললৈ প্ৰেৰণ কৰা হ'ল। বৰ্তমান এপিএছচিৰ পৰীক্ষাত দুখীয়া ঘৰৰ সন্তানে মেধাৰ ভিত্তিত চাকৰি পাবলৈ সক্ষম হোৱাৰ লগতে কোনো মন্ত্ৰী বিধায়ক, সংসদক খাতিৰ কৰিব লগা হোৱা নাই। এই চৰকাৰে যি স্বচ্ছতাৰে কাম কৰিছে তাৰ বাবে অসমত শান্তি স্থাপন হৈছে। বিজেপি চৰকাৰৰ দিনত গাঁৱে গাঁৱে ৰাস্তা-পদুলি-দলং, আঠখন কৈ চিকিৎসা মহাবিদ্যালয় স্থাপন, আঠখন নতুন বিশ্ববিদ্যালয়, বিভিন্ন জনগোষ্ঠীৰ বাৰ্ষিক কৃষ্টি সংস্কৃতি ৰাজ্যিক পৰ্য্যায়ত অনুষ্ঠিত কৰি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। জাতি জনগোষ্ঠীৰ আধ্যাত্মিক স্থান, কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ লগতে জনগোষ্ঠীয় ভাষা সংৰক্ষণৰ বাবে পাঁচ কোটি অনুদান দিয়া হব। বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰা হব বুলি বানপীড়িত স্থান চিৰিশটিকাত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। ইফালে কংগ্ৰেছ আহিলে অসমত আহিলে অসমীয়া জাতিৰ অস্তিত্ব বিপদাপন্ন হব বুলি কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। কংগ্ৰেছৰ সময়ত হোৱা বিদেশী খেদোৱা আন্দোলনৰ কথা সোঁৱৰাই মুখমন্ত্ৰী সোনোৱালে। এনে অপশক্তিৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হব লাগিব কয়। লগতে আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কৈ তিনি লাখ পয়ষষ্ঠি হাজাৰ লোকক মাটিৰ পট্টা দিয়া হয় বুলি উল্লেখ কৰে। বিভিন্ন আঁচনি বিষয়ে কৈ সৰ্বানন্দ সোনোৱালে মিত্ৰজোঁটৰ প্ৰাৰ্থী ভৱেন্দ্ৰনাথ ভৰালীক হাতীৰ ছবিত ভোট দিবলৈ আৰু নিজৰ সমষ্টি মাজুলীৰ লোক সকলক পদুমৰ ছবিত ভোট দিবলৈ আহ্বান জনায়। আৰম্ভণিতে নিৰ্বাচনী সভাখন আঁতধৰে বিজেপি নেতা সুভাস দত্তই। সভাত বিজেপিৰ মুখ্য মুখ্যপাত্ৰ ৰূপম গোস্বামী লগতে, অগপৰ উপ সভাপতি সুনীল ৰাজকোঁৱৰ, প্ৰাক্তন লোকসেৱা আয়োগ আয়ুক্ত অমিয় কুমাৰ বৰা, গণশক্তি নেত্ৰী অঞ্জনা দলে, অগপ কেন্দ্ৰীয় সমিতিৰ ড০ ৰমানন্দ দাস, মাজুলী বিধান সভা সংযোজক জিতেন ডেকা, বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকা প্ৰমুখ্যে বিষয়ববীয়া সভাত উপস্থিত থাকে।

No comments