Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শিৱসাগৰৰত আজানপীৰ স্মৃতি দিৱস উদযাপন ও জিকিৰ সাধনা বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

শিৱসাগৰৰ পৰা মিনহাজউদ্দিন আহমেদ, ৬ মাৰ্চঃ  শিৱসাগৰ প্ৰেছ ক্লাৱত আজি বাঘ হাজৰিকা জাগৰণ মঞ্চ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত হজৰত আজানপীৰ স্মৃতি দ...


শিৱসাগৰৰ পৰা মিনহাজউদ্দিন আহমেদ, ৬ মাৰ্চঃ  শিৱসাগৰ প্ৰেছ ক্লাৱত আজি বাঘ হাজৰিকা জাগৰণ মঞ্চ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত হজৰত আজানপীৰ স্মৃতি দিৱস উদযাপন কৰা হয়। এই স্মৃতি দিৱসৰ লগত সংগতি ৰাখি বৃহত্তৰ অসমীয়া জাতীয় জীৱনত হজৰত আজানপীৰৰ প্ৰাসংগিকতা শীৰ্ষক এক বক্তৃতা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয় । স্মৃতি দিৱসৰ মুকলি সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে সংস্কৃতিৰ সাধক তথা বিশিষ্ট শিক্ষাবিদ মাখন বড়া , সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ ,  হাস্নাআৰা বেগম , লেখিকা মল্লিকা ৰহমান , শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰ জ্যোতি মহন্তকে, সাংবাদিক নজিউল্লাহ হাজৰিকে আদি কৰি বহু কেইজন গণ্য মান্য ব্যক্তি । আজিমুদ্দিন আহমেদৰ জিকিৰ পৰিবেশনেৰে শুভাৰম্ভ কৰা স্মৃতি দিৱসৰ এই কাৰ্যসূচীত শতবৰ্ষ গৰকা শিৱসাগৰৰ জেঙনিকটীয়াৰ নিবাসী ববাকন আলিক বাঘ হাজৰিকা জাগৰণ মঞ্চ‌ই প্ৰদান কৰে জিকিৰ সাধনা বঁটা। শিক্ষাবিদ মাখন বড়াই উদ্ধোধনী বক্তৃতাৰে মুকলি সভা উদ্ধোধন কৰা আজিৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ উদ্দেশ্য বাখ্যা কৰে বাঘ হাজৰিকা জাগৰণ মঞ্চৰ জিলা সম্পাদকে । এই সভাতে স'ৰাগুৰিৰ সুৰ নামৰ‌ এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰে শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি তথা বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তই । বাঘ হাজৰিকা জাগৰণ মঞ্চৰ ৰাজ্যিক সম্পাদক চামচুল বাৰিকে আঁত ধৰা স্মৃতি দিৱসৰ দিনযোৰা আজিৰ এই কাৰ্যসূচীত শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সম্পাদক জয়জ্যোতি গগৈৰ লগতে শিৱসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক ইনামুল হাজৰিকাক সম্বৰ্ধনা জনোৱা হয় । লেখিকা মল্লিকা ৰহমানে বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকি আজানপীৰ চাহাবৰ ওপৰত এক মননশীল বক্তৃতা আগবঢ়াই উপস্থিত সকলোৰে মন আপ্লুত কৰে। ইফালে এই অনুষ্ঠানতেই নজিউল্লা হাজৰিকাৰ সম্পাদনাত 'সৰাগুৰিৰ সুৰ' নামৰ এখনি স্মৃতি গ্ৰন্থৰো উন্মোচন কৰা হয়।

No comments