Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সদৌ অসম হস্ততাঁত বয়ন সমবায়ৰ প্ৰতিনিধিৰ বিধায়কক সম্বৰ্ধনা

  গণবাৰ্তা, আজাৰা, ১১ মাৰ্চ : সদৌ অসম হস্ততাঁত বয়ন সমবায় সন্হাৰ এটি প্ৰতিনিধি দলে ১০ মাৰ্চত সংস্হাৰ সভাপতি তথা পশ্চিম গুৱাহাটী বিধানসভা সমষ...

 


গণবাৰ্তা, আজাৰা, ১১ মাৰ্চ : সদৌ অসম হস্ততাঁত বয়ন সমবায় সন্হাৰ এটি প্ৰতিনিধি দলে ১০ মাৰ্চত সংস্হাৰ সভাপতি তথা পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাক সাক্ষাৎ কৰি পুনৰ প্ৰতিদ্বন্দীতা কৰিবলৈ ওলোৱাত সম্বৰ্ধনা জনায়৷ সংস্হাৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি এন এন ৰানা পাটগিৰিৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটিত গীতা মণ্ডল ডেকা, প্ৰভাত চন্দ্ৰ শৰ্মা, চন্দ্ৰ মোহন কলিতা,অনিতা দাস আৰু সৰস্বতী বৰাই অংশ লৈ বিধায়কগৰাকীক গামোচা,বাণ কাহী আদিৰে সম্বৰ্ধনা জনোৱা হয়৷ সংস্হাই সভাপতিগৰাকীক পুনৰ জিকাই অনাৰ স্বাৰ্থত পশ্চিম গুৱাহাটী সমষ্টিৰ দহটা নিৰ্দষ্ট ঠাইত শিপিনী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি এই বিষয়ত ব্যৱস্হা লবলৈ কামৰূপ জিলা বয়ন সমবায় সন্হাৰ সম্পাদিকা গীতা মণ্ডল ডেকাক দায়িত্ব অৰ্পন কৰা হয়৷

No comments