Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বঙাইগাঁও জিলা উপায়ুক্তৰ সংবাদ মেল; প্ৰসংগ: বিধান সভা নিৰ্বাচন

গণবাৰ্তা   বঙাইগাঁও, ২ মাৰ্চঃ দেশৰ নিৰ্বাচন আয়োগে ৰাজ্যখনত ৩ টা পৰ্যায়ত আগন্তুত বিধান সভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দিন ঘোষণা কৰাৰ লগে লগ...


গণবাৰ্তা
 বঙাইগাঁও, ২ মাৰ্চঃ দেশৰ নিৰ্বাচন আয়োগে ৰাজ্যখনত ৩ টা পৰ্যায়ত আগন্তুত বিধান সভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দিন ঘোষণা কৰাৰ লগে লগে তৎপৰ হৈ পৰিছে বঙাইগাঁও জিলা প্ৰশাসন ৷ নিৰ্বাচনৰ দি ঘোষণা কৰাৰ লগে লগে ৰাজ্যখনত নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হোৱাত ইতিমধ্যে জিলা প্ৰশাসনে জিলাখনৰ ৰাজহুৱা স্থানসমূহৰ পৰা ৰাজনৈতিক দল তথা চৰকাৰী বিজ্ঞাপনৰ হৰ্ডিং ,বেনাৰ আদি আঁতৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে বঙাইগাঁও জিলাত অহা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ সেইমৰ্মে ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিটোত শান্তিপূৰ্ণভাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে শনিবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া ডা.এম.এছ লক্ষ্মী প্ৰিয়াই এখন সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদ মেলত উপায়ুক্ত গৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা জিলাখনৰ বিভিন্ন প্ৰাৰ্থীসকলে পালন কৰিবলগীয়া নিৰ্বাচন আয়োগৰ বিধি সমূহ ডাঙি ধৰি তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন সূচীসমূহ উল্লেখ কৰে । সেইমৰ্মে জিলাখনৰ তিনিওটা বিধান সভা সমষ্টিৰ বাবে অহা ১২ মাৰ্চত অধিসূচনা জাৰি কৰা হ'ব ৷ মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন হ'ল ১৯ মাৰ্চ ৷ ২০ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিন হ'ল ২২ মাৰ্চ ৷ জিলাখনত ৬ এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব ৷ ভোট গণনা হ'ব ২ মে'ত ৷ ইয়াৰ উপৰিও উপায়ুক্ত গৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰিবলগীয়া দল সমূহে নিৰ্বাচনত ব্যয় কৰিব বিচৰা ধনৰ ওপৰত নিৰ্বাচন আয়োগে জাৰি কৰি দিয়া নিদ্দেৰ্শনা সন্দৰ্ভত কয় যে এইবাৰ প্ৰতিটো দলে নিৰ্বাচনী প্ৰচাৰৰ বাবদত নূন্যতম ৩০.৮ লাখ টকা খৰচ কৰি পাৰিব । প্ৰচাৰৰ খৰচৰ বাবে প্ৰাৰ্থীৰ পৃথক বেংক একাউণ্ট থাকিব লাগিব । মনোনয়ন পত্র দাখিলৰ এদিন পূৰ্বে বেংক একাউণ্ট খুলিব লাগিব। নিৰ্দ্ধাৰিত খৰচৰ বাবে ব্যয়ৰ খতিয়ান ৰাখিব লাগিব । যিকোনো ধৰণৰ অভিযোগ পৰ্যবেক্ষণ ব্যৱস্থা , যোগাযোগ কেন্দ্ৰৰ টোল ফ্ৰী নং ১৯৫০ আৰু দূৰভাষ নং ০৩৬৬৪- ২৩১১৭১ ত অভিযোগ দাখিল কৰিৱ পাৰিব । ইয়াৰ উপৰিও সমগ্ৰ দেশব্যাপী অব্যাহত থকা কোভিড-১৯ৰ এই ভয়াৱহ দূৰ্যোগৰ সময়ত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিস্তৃত কিছু নিদ্দেৰ্শনা অনুসৰি প্ৰাৰ্থীয়ে অনলাইন যোগে মনোনয়ন পত্র ,মাচুল জমা দিব পাৰিব আৰু মনোনয়ন প্ৰ-পত্র আৰু শপতনামা পূৰণৰ বাবে অনলাইন আবেদন কৰাৰ সুবিধা থাকিব । মনোনয়ন পত্র জমা দিয়াৰ সময়ত প্ৰাৰ্থীৰ লগত দুজন ব্যক্তি আহিব পৰাৰ লগতে দুখন গাড়ী ব্যৱহাৰ কৰিব পাৰিব । ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে প্ৰাৰ্থীজনকে ধৰি ৫ জন ব্যক্তিৰ অধিক যাব নোৱাৰিব ৷ সেইদৰে ৰোড শ্ব'ত এইবাৰ ৫খন গাড়ী ব্যৱহাৰ কৰিব পাৰিব । প্ৰাৰ্থীয়ে নিৰ্বাচন সভা অনুষ্ঠিত কৰাৰ বাবে ৪৮ ঘন্টাৰ পূৰ্বে অনুমতিৰ বাবে আবেদন কৰিব লাগিব । উল্লেখ্য যে ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত মূল ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ'ল ২৪২ টা আৰু সহযোগী ভোট কেন্দ্ৰৰ সংখ্যা হ'ল ১৮ টা ৷ সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা ১,৭৫,৩২৯ জন ৷ ইয়াৰে পুৰুষ ভোটাৰ ৮৬,৯৭৬ জন আৰু মহিলা ভোটাৰ ৮৮,৩৫৩ গৰাকী আছে । 

No comments