Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত , শ্বফিকা আহমদৰ কবিতা পুথি ' জীৱন জৰীপ' উন্মোচন

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২২ মাৰ্চ :  যোৰহাট মিঠাপুখুৰীৰ প্ৰয়াত অধিবক্তা আলহাজ ইকবাল আহমদৰ  বাসগৃহৰ প্ৰাংগণত  দেওবাৰে অনুষ্ঠিত হোৱা এক গাম্ভীৰ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২২ মাৰ্চ :  যোৰহাট মিঠাপুখুৰীৰ প্ৰয়াত অধিবক্তা আলহাজ ইকবাল আহমদৰ  বাসগৃহৰ প্ৰাংগণত  দেওবাৰে অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত  প্ৰয়াত ইকবাল আহমদৰ পৰিবাৰ শ্বফিকা আহমদৰ কবিতা পুথি "জীৱন জৰীপ' শুভ উন্মোচন কৰা হয় । ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপ্ৰক আলহাজ নাজিমুদ্দিন খনিকৰে সভাপতিত্ব কৰা সভা খনত কবিতা পুথি খন শুভ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড0 আদিল উল য়াচিনে । উক্ত অনুষ্ঠানটোত যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 দেৱব্ৰত শৰ্মা ,বিশিষ্ট অধিবক্তা জয়ন্ত দেৱ শৰ্মা, বিশিষ্ট সাহিত্যিক মৃদুল বৰা, ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রৰ প্ৰাক্তন সঞ্চালক চৈয়দ চাদুল্লা, সমাজ কৰ্মী তথা যোগান বিভাগৰ  অৱসৰপ্ৰাপ্ত সহ : সঞ্চালক নেকিবুৰ ৰহমান বৰবৰাই উন্মোচন হোৱা কবিতা পুথি খনত সন্নিবিষ্ট কবিতাৰ ওপৰত আলোকপাত কৰে । সভাত আফছাৰ হাজৰিকা ,নিলোফাৰ ৰহমান ,ছদিক হাজৰিকাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল । বিশিষ্ট সমাজ কৰ্মী দীপক ৰফিক আহমেদে আঁত ধৰা আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মল্লিকা ৰহমানে উদ্দেশ্য বাখ্যা কৰা সভাখনত কবি  আলহাজাইন শ্বফিকা ৰহমানে  কবিতা পাঠ কৰে । সভাখনত মিঠাপুখুৰী মহিলা দ্বীনি মহিলা মজলিছ মহিলা সকলে বিশিষ্ট কবি গৰাকীক সম্বৰ্ধনা জনায় । আনহাতে উক্ত সভাত প্ৰয়াত বিশিষ্ট অধিবক্তা আলহাজ ইকবাল আহমেদৰ স্মৃতিৰ সন্দৰ্ভত  শিক্ষাবিদ নাজিমুদ্দিন খনিকৰ আৰু ড0 আদিল উল য়াচিনে বক্তব্য প্ৰদান কৰে । সভাখনত কবি গৰাকীৰ কন্যা শ্বমিম মমতাজ হাজৰিকাই সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জনায়   ।


No comments