Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হিমন্ত বহুৰূপী: নিৰ্বাচন আহিলে মনত পৰে মোগল ৰাম সিংহলৈ

ষ্টাফ ৰিপৰ্টাৰ । গণবাৰ্তা বিশেষ, যোৰহাট ১৫ মাৰ্চ : বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ প্ৰচাৰ চলাবলৈ আহি দেওবাৰে যোৰহাটত মন্ত্ৰী ডঃ হ...


ষ্টাফ ৰিপৰ্টাৰ । গণবাৰ্তা বিশেষ, যোৰহাট ১৫ মাৰ্চ : বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ প্ৰচাৰ চলাবলৈ আহি দেওবাৰে যোৰহাটত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাণা গোস্বামীক ৰামসিংহ আৰু আজমলক ঔৰংগজেৱ আখ্যা দিয়া পিছতে আজি মন্ত্ৰী জনক উভটি ধৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাণা গোস্বামীয়ে ।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই আজি যোৰহাট জিলা কংগ্ৰেছ ভৱনত অনুস্থিত এক সংবাদ মেলত ৰাণা গোস্বামীয়ে  কয় যে যদি তেঁওৰ সাহস আছে তেন্তে তেওঁ পুনৰ যোৰহাটলৈ আহি বিজেপিয়ে কা প্ৰৱৰ্তন কৰিব বুলি এবাৰ কৈ দেখুৱাওক আৰু ৰাণা গোস্বামীক ভোট দিলে অবৈধ বাংলাদেশীয়ে হৃদয়ত কষ্ট পাব বুলি কৈ দেখুৱাওক |গোস্বামীয়ে লগতে কয় যে  হিমন্ত বিশ্ব শৰ্মা বহুৰূপী চৰিত্ৰৰ লোক হয় । যেতিয়া নামনি অসমলৈ যায় তেতিয়া কোৰাণ এখন পবিত্ৰ গ্ৰন্থ আখ্যা দিয়া বিপৰীতে উজনিলৈ আহিলে কেৱল মোগল, আজমল, আজমল কৈ থাকে । যোৰহাটৰ নিৰ্বাচনী প্ৰচাৰ সভাত চহৰ খনৰ প্ৰধান সমস্যা গড়মুৰৰ ডাম্পিং গ্ৰাউণ্ড, উদ্যোগী কৰণ, নিবনুৱাক সংস্থাপন আদি বিষয় সমূহে স্থান পাব লাগিছিল যদিও মন্ত্ৰী জনৰ ভাষনত কেৱল মোগল ৰামসিংহ ঔৰংগজেৱৰ নাম আখৈ ফুটাৰ দৰে ফুটিল ।  ৰামসিংহ মোগলৰ কথা কৈ মন্ত্ৰী জনে যোৰহাটক প্ৰকাৰন্তে ৫০০ বছৰ পিছলৈ ঠেলি নিয়া বুলি মন্তব্য কৰে কংগ্ৰেছ তথা মহাজোঁটৰ প্ৰাৰ্থী ৰাণা গোস্বামীয়ে । যোৰহাটৰ ভোটাৰ সচেতন বুলি দাবী কৰি কয় যে হিমন্ত বিশ্বৰ এনে সাধু কথাত কোনো ভোল নাযায় বৰঞ্চ ২০১৬ ৰ প্ৰতিশ্ৰুতিবোৰ কিয় পূৰণ নকৰিলে, চাহ শ্ৰমিকৰ মজুৰি কিয় ৩৫১ টকা নকৰিলে তাৰ হিচাপ লবলৈ সাজু হৈ আছে ভোটাৰ ৰাইজ  |মহাজোটৰ যৌথ সংবাদ মেল খনত চি পি আই এম,আঞ্চলিক গণ  মঞ্চ, চিটু , চি পি আই এম এলৰ প্ৰতিনিধি উপস্থিত থাকি বিজেপি দলক জনবিৰোধী দল বুলি মন্তব্য কৰি উন্নয়নৰ বাবে যোৰহাটত ৰাণা গোস্বামী জয়ী হবই লাগিব বুলি মন্তব্য কৰে মহাজোটৰ প্ৰতিনিধি সকলে| আনহাতে তাজমহলৰ নাম সলনি কৰি ৰাম মহল কৰিব বুলি চচিয়েল মিডিয়াত হোৱা প্ৰচাৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাণা গোস্বামীয়ে কয় যে যদি পাৰে তেন্তে তাজমহলতকৈ দহগুন সুন্দৰকৈ নতুন সৃষ্টি কৰি ৰাম মহল বা শিৱমহল নাম দিব পাৰে| উক্ত সংবাদ মেলত আঞ্চলিক গণ মৰ্চাৰ যোৰহাট জিলাৰ উপসভাপতি মৃদুল বৰা, চি পি আই এম এলৰ প্ৰতিনিধি ৰোহন কুর্মী,চি পি আই এমৰ সুনীত বৰুৱা,চিটুৰ প্ৰতিনিধি নিৰ্মল দাস আৰু নৃপেন দাসে অংশগ্ৰহণ কৰি বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

No comments