Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

এ জে পিৰ ১৮ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা ঃদুলিয়াজানৰ পৰা প্ৰতিদ্বন্দ্বিতা সভাপতি লুৰিণজ্যোতি গগৈৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ মাৰ্চ ঃ  সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে নিশাৰ ভাগত আনুষ্ঠানিকভাৱে ১...


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ মাৰ্চ ঃ  সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে নিশাৰ ভাগত আনুষ্ঠানিকভাৱে ১৮জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। মহানগৰীৰ হোটেল প্ৰাগ কণ্টিনেেণ্টলত এখন সংবাদমেল সম্বোধন কৰি দলটোৱে আনুষ্ঠানিকভাৱে ১৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰে। দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দুলীয়াজানৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সমান্তৰালকৈ উপ-সভাপতি জগদীশ ভূঞাই শদিয়াৰ পৰা, ৰাজু ফুকনে সৰুপথাৰৰ পৰা, চিত্তৰঞ্জন বসুমতাৰীয়ে ধেমাজিৰ পৰা, পৱন শইকীয়াই খুমটাইৰ পৰা, শত্ৰুঘ্ন চাচনীয়ে ঢেকীয়াজুলিৰ পৰা, অজয় তাঁতীয়ে ৰঙাপৰাৰ পৰা, ধিঙৰ পৰা আনজাৰ হুছেইনে, বটদ্ৰৱাৰ পৰা অৰূপ কুমাৰ শইকীয়া,  দেৰগাঁৱৰ পৰা আনন্দ চন্দ্ৰ দাস, নাজিৰাৰ পৰা বিবুলয়া গগৈ, থাওৰাৰ পৰা দ্বীপেন তাঁতী, বিহপুৰীয়াৰ পৰা অচ্যুত শইকীয়া, ডিব্ৰুগড়ৰ পৰা অজিত বৰগোহাঁই, তিনিচুকীয়াৰ পৰা চামচেৰ সিং, ঢকুৱাখনাৰ পৰা সত্যজিত ৰেগন, মৰিয়নিৰ পৰা ৰাজীৱ কুমাৰ হাজৰিকা আৰু মাৰ্ঘেৰিটাৰ পৰা সঞ্জয় কুমাৰ দেৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

No comments