Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ আৰম্ভ : ভাষা অবিহনে জাতি জীয়াই থকাৰ উদাহৰণ পৃথিৱীত নাই : ডঃ ধ্ৰুৱজ্যোতি বৰা

গণবাৰ্তা বিশেষ, যোৰহাট, ৩ মাৰ্চ :   যোৰহাট জিলা সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ উদ্যোগত আজিৰে পৰা আঠ দিনীয়া কাৰ্যসূচীৰে...


গণবাৰ্তা বিশেষ, যোৰহাট, ৩ মাৰ্চ :  যোৰহাট জিলা সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ উদ্যোগত আজিৰে পৰা আঠ দিনীয়া কাৰ্যসূচীৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আৰম্ভ হৈছে গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ। কুৰিৰো অধিক গ্ৰন্থ বিপনীৰে আৰম্ভ হোৱা এই গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ আনুষ্ঠানিকভাৱে দ্বাৰ উদ্ঘাটন কৰে বিশিষ্ট শিশু সাহিত্যিক তথা 'মৌচাক'ৰ সম্পাদক ডঃ শান্তনু তামূলীয়ে। উদ্ঘাটনৰ পাছতে বিশিষ্ট শিক্ষাবিদ অবলা গোহাঁই সোঁৱৰণী মঞ্চত যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি তথা আয়োজক সমিতিৰ সভাপতি ডঃ ৰাতুল চন্দ্ৰ বৰাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়।আজিৰ উদ্বোধনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাই কয় যে ভাষা অবিহনে জাতিৰ অস্তিত্ব নাথাকে। ভাষা নথকাকৈ জাতি এটা জীয়াই থকাৰ উদাহৰণ পৃথিৱীত নাই। অসমীয়া জাতি অসমীয়া ভাষা থকালৈকেহে জীয়াই থাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি বিশিষ্ট সাহিত্যিকজনে কয়, অসমীয়া ভাষালৈ বহুবাৰ সংকট আহিছে। তাৰ বাবে আমাৰ পূৰ্বজ সকলে প্ৰাণ পন কৰিবলগীয়া হৈছিল। এই ভাষা ৰক্ষা কৰা বিষয়টো বহু পৰিমাণে ৰাজনৈতিক বুলি আখ্যা দি ডঃ বৰাই ৰাজনৈতিক সদিচ্ছা অবিহনে ভাষা এটা জীয়াই নাথাকে। ভাষা এটা জীয়াই ৰাখিবলৈ হলে চৰকাৰীভাৱে তাৰ লিপি আৰু ব্যৱহাৰক স্বীকৃতি দিব লাগিব। ব্যৱহাৰ নহলে যিদৰে এটা ভাষা জীয়াই নাথাকে, সেইদৰে নিজস্ব লিপি নাথাকিলেও ভাষা এটা বেছি দিন টিকি নাথাকে। সেয়ে ভাষাৰ প্ৰচাৰ-প্ৰসাৰ সম্পূৰ্ণ ৰূপে নিৰ্ভৰ কৰে চৰকাৰী সদিচ্ছাৰ ওপৰত। অসমত বহু ভাষা আছে কিন্তু মাত্ৰ অসমীয়া আৰু বড়ো ভাষাহে সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত বুলি তেওঁ কয়।  সভাখন উদ্বোধন কৰে ডঃ মালিনী খ্যাত বিশিষ্ট বিজ্ঞানী তথা ৰামায়নী সাহিত্যৰ পণ্ডিত নীলিমা শইকীয়াই। উদ্বোধনী ভাষণত ডঃ মালিনীয়ে মহাকাব্যৰ উদ্ধৃতি দি কয়, হাতে-কামে কৰি লাভ কৰা বিদ্যাহে আচল বিদ্যা। তপস্যালব্ধ জ্ঞানতকৈ  হাতে-কামে কৰি লাভ কৰা বিদ্যা শ্ৰেষ্ঠ। তেওঁ আৰু কয়, সম্প্ৰতি বহু গ্ৰন্থ প্ৰকাশ পাইছে যদিও সেইবোৰৰ সঠিক সমালোচনা হোৱা নাই। গ্ৰন্থৰ উপযুক্ত সমালোচনাৰ অভাৱৰ কথা উল্লেখ কৰি তেওঁ কয় যে উপযুক্ত সমালোচনাৰ জৰিয়তে পাঠকে কোনখন গ্ৰন্থ ভাল কোনখন বেয়া সেই কথা জানিব পাৰে, তাৰ জৰিয়তে সঠিক গ্রন্থ নিৰ্বাচন আৰু ক্ৰয় কৰাত সহায়ক হয়। সেয়ে তেওঁ গ্ৰন্থৰ উপযুক্ত সমালোচনা লাগে বুলি মন্তব্য কৰে। তেওঁ অসমীয়া গ্ৰন্থৰ অনুবাদৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তদুপৰি, গ্ৰন্থ প্ৰণেতাসকলক আহ্বান জনাই তেওঁ কয় যে কোনো এটা বিষয়-বস্তু সম্পূৰ্ণ ৰূপে অধ্যয়ন কৰি বিষয়-বস্তুৰ নিজৰ দখললৈ অনাৰ পাছতহে গ্ৰন্থ লিখিব লাগে, অন্যথা পাঠকলৈ ভুল বাৰ্তা প্ৰেৰণ কৰা হয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আনহাতে,  সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই সাহিত্য সভাৰ দৰে অনুষ্ঠানসমূহক নতুন পঢ়ুৱৈ সৃষ্টি কৰাত গুৰুত্ব দিবলৈ আহ্বান জনায়। অসমতে এতিয়া অসমীয়া ভাষাৰ কিতাপ নপঢ়া হৈছে, ইয়াৰ কাৰণ হিচাপে তেওঁ অধিকাংশ অভিভাৱকে নিজ নিজ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়োৱা আৰু অসমীয়া ভাষাক অৱহেলা কৰাৰ মানসিকতাকে দোষাৰোপ কৰে। ইয়াৰ বিৰুদ্ধে এক জোৰদাৰ সজাগতাৰ প্ৰয়োজন বুলি মন্তব্য কৰি ইয়াৰ দায়িত্ব সাহিত্য সভা, জাতীয় সংগঠন আদিক ল'বলৈ আহ্বান জনায়। তদুপৰি, শিক্ষক, বুদ্ধিজীৱী, সাহিত্যিকসকলে অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণ, বানান, বাক্য গাঁথনি প্ৰচলনত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দৰকাৰ বুলিও কয়। আনহাতে, বিশ্ব দৰবাৰত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে অনুবাদৰ বিকল্প নাই, সেয়ে এই ক্ষেত্ৰত চৰকাৰী অনুগ্ৰহৰ প্ৰয়োজন বুলি সাংসদ জনে কয়। গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ উদযাপন সমিতিৰ মুখ্য সম্পাদক ৰমানন্দন বৰাই আঁত ধৰা আজি সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা, সাহিত্য সভাৰ বিষয় ববীয়া হেমেন হাজৰিকা আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল।


আজি গ্ৰন্থমেলাৰ প্ৰথম দিনাৰ বিয়লি তিনি বজাৰ পৰা পাঁচ বজালৈ অনুষ্ঠিত হব সাহিত্য চ'ৰা, ছয় বজাত সাহিত্যৰ আলাপ, আঠ বজাত সাংস্কৃতিক অনুষ্ঠান পুৰণি গীতৰ শৰাই' অনুষ্ঠিত হয়। উল্লেখযোগ্য যে প্ৰত্যেক দিনাই পুৱা ১১ বজাৰ পৰা সন্ধিয়া আঠ বজা পৰ্যন্ত বিভিন্ন বিষয়ক আলোচনা সত্ৰ, কৰ্মশালা, পাঠকৰ আলাপ, সাংস্কৃতিক কাৰ্যসূচী কবি সন্মিলন, কুইজ আদি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তদুপৰি, প্ৰত্যেক দিনাৰ মঞ্চ যোৰহাটৰ একো একোজন বিশিষ্ট ব্যক্তিৰ নামত উচৰ্গা কৰা হৈছে। উদ্যোক্তাসকলে জনোৱা মতে ইতিমধ্যে কুৰিৰো অধিক গ্ৰন্থ বিপনীয়ে যোগদান কৰিছে। ইউনিফৰ্ম পৰিধান কৰি অহা শিক্ষাৰ্থীসকলৰ বাবে প্ৰৱেশ বিনামূলীয়া কৰা হৈছে। কাইলৈ  দিনৰ এঘাৰ বজাত জাতীয় সংগঠন হিচাপে অসম সাহিত্য সভাৰ দায়িত্ব আৰু কৰ্তব্য শীৰ্ষক আলোচল চক্ৰ, এক বজাত কি, কিয় আৰু কেনেকৈ পঢ়িম বিষয়ত কৰ্মশালা অনুষ্ঠিত হোৱাৰ উপৰি বিয়লি তিনি বজাত পাঠকৰ আলাপ আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান হব।
আজি গ্ৰন্থমেলাৰ প্ৰথম দিনা বিয়লি তিনি বজাৰ পৰা পাঁচ বজালৈ সাহিত্য একাদেমিৰ সহযোগত  অনুষ্ঠিত 'সাহিত্য চ'ৰা ' সঞ্চালনা কৰে ড০ ধ্ৰুৱজ্যোতি বৰাই । সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি ড০ ৰক্তিম ৰঞ্জন শই কীয়াই 'অসমৰ ইতিহাস আৰু সাহিত্য' শীৰ্ষক আলোচনাত  অসমৰ ইতিহাস আৰু লোণ ৰাজনীতিৰ  ওপৰত আলোকপাত কৰে ।  কবি কৌশিক কিশলয়ে 'কবি হিচাপে মোৰ যাত্ৰা' , অৰ্ণৱ শইকীয়াই 'মোৰ লেখা আৰু মোৰ অনুভৱ ' , দিগন্ত শইকীয়াই ' মোৰ কবিতা আৰু মোৰ অনুবাদ '  ,  অভিজিৎ বৰাই 'অসমীয়া চুটি গল্প: মোৰ জগত আৰু মোৰ কথা ' বিষয়ত  আলোচনা আগবঢ়ায়  ।
আজি গ্ৰন্থমেলাৰ প্ৰথম দিনা বিয়লি তিনি বজাৰ পৰা পাঁচ বজালৈ সাহিত্য একাদেমিৰ সহযোগত  অনুষ্ঠিত 'সাহিত্য চ'ৰা ' সঞ্চালনা কৰে ড০ ধ্ৰুৱজ্যোতি বৰাই । সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি ড০ ৰক্তিম ৰঞ্জন শই কীয়াই 'অসমৰ ইতিহাস আৰু সাহিত্য' শীৰ্ষক আলোচনাত  অসমৰ ইতিহাস আৰু লোণ ৰাজনীতিৰ  ওপৰত আলোকপাত কৰে ।  কবি কৌশিক কিশলয়ে 'কবি হিচাপে মোৰ যাত্ৰা' , অৰ্ণৱ শইকীয়াই 'মোৰ লেখা আৰু মোৰ অনুভৱ ' , দিগন্ত শইকীয়াই ' মোৰ কবিতা আৰু মোৰ অনুবাদ '  ,  অভিজিৎ বৰাই 'অসমীয়া চুটি গল্প: মোৰ জগত আৰু মোৰ কথা ' বিষয়ত  আলোচনা আগবঢ়ায়  । 
সন্ধ্যা পাঁচ বজাৰ পৰা 'সাহিত্যৰ আলাপ ' সৰস হৈ উঠে  ড০ ধ্ৰুৱজ্যোতি বৰাৰ সৈতে অন্তৰঙ্গ আলাপেৰে । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সকলৰ গীতেৰে জীপাল 'পুৰণি গীতৰ শৰাই ' শীৰ্ষক কাৰ্যসূচী  উদ্বোধন কৰে গীতিকাৰ নলিনীবালা  হাজৰিকাই ।

No comments