Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তিতাবৰত বিজেপি প্ৰাৰ্থী হেমন্ত কলিতাক উদ্ধাৰ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ ৰেলি

  গণবাৰ্তা,তিতাবৰ,২৪ মাৰ্চ: তিতাবৰ বিধানসভাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী হেমন্ত কলিতাৰ হৈ প্ৰচাৰ চলাবলৈ আজি তিতাবৰত উপস্থিত হৈ ৰাজ্যৰ প্ৰভাৱশালী...

 


গণবাৰ্তা,তিতাবৰ,২৪ মাৰ্চ: তিতাবৰ বিধানসভাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী হেমন্ত কলিতাৰ হৈ প্ৰচাৰ চলাবলৈ আজি তিতাবৰত উপস্থিত হৈ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মা। প্রায় দুই ঘণ্টা পলমকৈ হেলিকেপ্টেৰে আহি তিতাবৰ পোৱাৰ আগতেই প্ৰচণ্ড ৰদ আৰু গৰম সহিব নোৱাৰি হেঁপাহৰ মন্ত্ৰীজনক নাচাই ঘৰমুৱা হল বহু গঞা ৰাইজ। তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ পৰা পদযাত্ৰা কৰাৰ কথা আছিল যদিও পলম হোৱাত গাড়ীৰে আহি তিতাবৰ ষ্টেচন তিনিআলিৰ ডিম্ব দত্ত সোঁৱৰণি ক্ষেত্ৰত এখনি সভাত অংশগ্ৰহণ কৰে, ৰাইজক উদ্দেশ্যে দিয়া ভাষণত ড' শৰ্মাই কয়, আমি অলপ পৰিৱৰ্তনৰ ফালে যাওঁ, আমি কোনো সূতা,লুঙী,কম্বল নিদিওঁ, আমি স্কুলৰ ফিজ, কিতাপ,বহী, ডমিচন ফিজ দিম, বছৰি চাৰি লাখ লৰা ছোৱালীয়ে ডমিচন ফ্ৰী পাইছে।আগত ক্লাছ এইটলৈ বিনামূলীয়া পাঠ্যপুথি আছিল আৰু এতিয়া হায়াৰ চেকেণ্ডাৰী লৈকে ফ্ৰী কৰা হৈছে, আৰু ডিগ্ৰী পঢ়া ছাত্ৰ ছাত্ৰীয়ে ডেৰহাজাৰ টকা একাউণ্টত পাই নিজৰ কিতাপ কিনি লব পাৰে। বেমাৰ হলে আয়ুসমান, অটল অমৃত কাৰ্ডখনে আপোনালোকক অলপ হলেও সহায় কৰি আহিছে।বৃদ্ধ পেঞ্চন,বিধবা পেঞ্চন প্ৰতিজন মানুহক দিয়া হৈছে। ৫৮ লাখ পৰিয়ালক তিনি টকা মূল্যৰ চাউল বিনা পইছাত দিয়া হৈছে।লক ডাউনৰ সময়ত প্ৰতি গৰাকী চাকৰিয়ালক প্ৰতি মাহৰ দৰমহা দিছিলো। এই সময়তে আমি স্বয়ম আঁচনিৰ জৰিয়তে নামঘৰলৈ আঢ়ৈ লাখকৈ টকা দিয়াৰ লগতে অৰুনোদয় আচনি জৰিয়তে ২২ লাখ মহিলাৰ একাউণ্টত ৮৩০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছো।ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে তিতাবৰত ১৬ হাজাৰ মহিলাই এই আঁচনিৰ ধন লাভ কৰিছে। তেখেতে কংগ্ৰেছ দলৰ সমালোচনা কৰি কয়, লক ডাউনৰ সময়চোৱাত কংগ্ৰেছ সকল কত আছিল, আজি আজমলক লৈ চৰকাৰ গঠন কৰাৰ সপোন দেখিছে কংগ্ৰেছে, হেমন্ত কলিতাক চালে আপোনালোকে নৰেন্দ্ৰ মোডীক দেখা পাব আৰু ভাস্কৰ বৰুৱাক চালে আজমলৰ দেখা পাব, এতিয়া ৰাইজেই বিচাৰ কৰিব কাক ভোট দিব।মন্ত্ৰী গৰাকীয়ে পুনৰ বিজেপি চৰকাৰ আহিলে বহুকেইটা কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে লগতে এক লাখ নিবনুৱাৰ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি আছিল উল্লেখযোগ্য। তিতাবৰত এখন পেৰা মেডিকেল প্ৰতিষ্ঠা কৰাৰ লগতে বৰহোলাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় নিৰ্মান কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। উল্লেখযোগ্য যে, সমগ্ৰ ৰাজ্যজুৰি চলি থকা মাইক্ৰফাইনেন্সৰ বিৰোধিতাৰ পক্ষে থিয় দি মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে পুনৰ বিজেপি চৰকাৰ আহিলে মাইক্ৰফাইনেন্সৰ ঋণ চৰকাৰে বহন কৰিব, এই ঘোষণাই মহিলা সকলৰ মাজত আনন্দৰ লহৰ তুলিছিল। আজিৰ পদযাত্ৰা আৰু প্ৰচাৰ অভিযানৰ সভাই বিজেপি কৰ্মী সকলৰ মাজত উৎসাহ বৃদ্ধি কৰা পৰিলক্ষিত হৈছিল।

No comments