Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চকিৰভিঠাত সংখ্যালঘু মহিলাৰ নেতৃত্ব বিকাশৰ পঞ্চমলানি প্ৰশিক্ষণ শিবিৰ সম্পন্ন

  গণ বাৰ্তা ¸ কয়াকুছি ¸ ১১ মাৰ্চ :  বৰপেটা জিলা তথা অসমৰ অন্যতম সক্ৰিয় বেচৰকাৰী সংস্থা অটা ভৌকামাৰী ছোচাইটী ডেভেলপমেন্ট এছোচিয়েচনৰ উদ্যো...

 


গণ বাৰ্তা ¸ কয়াকুছি ¸ ১১ মাৰ্চ :  বৰপেটা জিলা তথা অসমৰ অন্যতম সক্ৰিয় বেচৰকাৰী সংস্থা অটা ভৌকামাৰী ছোচাইটী ডেভেলপমেন্ট এছোচিয়েচনৰ উদ্যোগত আয়োজিত সংখ্যালঘু মহিলাৰ নেতৃত্ব বিকাশৰ প্ৰশিক্ষণ শিবিৰ চমুকৈ ‘নই ৰৌশনী’ৰ পঞ্চমলানি প্ৰশিক্ষণ শিবিৰ অলপতে চকিৰভিঠা গাঁৱত সফলতাৰে সম্পন্ন হৈ যায় । ভাৰত চৰকাৰৰ সংখ্যালঘু উন্নয়ন মন্ত্ৰানালয়ৰ অৰ্থ সাহায্যত আৰু অটা ভৌকামাৰী ছোচাইটীৰ উদ্যোগত আয়োজিত ‘নই ৰৌশনী’ বা সংখ্যালঘু মহিলাৰ নেতৃত্ব বিকাশৰ প্ৰশিক্ষণৰ পঞ্চম শিবিৰটোৰ দ্বাৰ মুকলি কৰাৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তালেবৰ ৰহমানে । আনহাতে ষষ্টমলানি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় বৰবালাত । কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক তথা সংবাদকৰ্মী ছাহেদ আলী আহমেদে ষষ্টমলানি প্ৰশিক্ষণ শিবিৰটোৰ দ্বাৰ মুকলিৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰে । ছোচাইটিৰ সমন্বয়ক আয়নাল হকে আঁত ধৰা প্ৰশিক্ষণ শিবিৰটোৰ উদ্দেশ্য ব্যাখ্যা কৰে সঞ্চালক লালমামুদ আলী আহমেদে আৰু পৰিচালনা কৰে সম্পাদক আব্দুল ৰেজ্জাক আলীয়ে । পাকাবেতবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত চকিৰভিঠা আৰু বৰবালা গাঁৱৰ ২৫ গৰাকীকৈ মহিলাৰ প্ৰশিক্ষণ শিবিৰ দুটাত সঞ্চালনা কৰে ছোচাইটীৰ সভাপতি হাছেন আলীয়ে । ছয় দিনীয়া প্ৰশিক্ষণ শিবিৰ দুটাত সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে ক্ৰমে অধ্যাপক হান্নান আলী আহমেদ ¸ স্বপ্না মহিলা সমিতিৰ সচিব মমতাজ জাহান তালুকদাৰ ¸ ছোটাইটিৰ সঞ্চালক লাল মামুদ আহমেদ ¸ সমন্বয়ক আয়নাল হক ¸ মহিলা নেত্ৰী নিৰুপা ইয়াছমিন আৰু কহিনুৰ খাতুনে ।

No comments