Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আনন্দ উল্লাসৰ মাজেৰে মিত্ৰজোটৰ টীয়কৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱা আৰু ৰাইজৰ দলৰ কবিন্দ্ৰ চেতিয়া ফুকনৰ মনোনয়ন পত্ৰ দাখিল

গণ বাৰ্তা,টীয়ক, ৯  মাৰ্চ : ৰাজ্যত প্ৰথম পয্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা ১০২ নং টীয়ক বিধান সভা সমষ্টিৰ অগপৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখ...


গণ বাৰ্তা,টীয়ক, ৯  মাৰ্চ : ৰাজ্যত প্ৰথম পয্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা ১০২ নং টীয়ক বিধান সভা সমষ্টিৰ অগপৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাই অজস্ৰ দলীয় সমৰ্থকক লৈ  নিজা  বাসগৃহৰ পৰা এক বৃহৎ শোভাযাত্ৰাৰে আজি  মনোনয়ন পত্ৰ দাখিল কৰে৷ উল্লেখযোগ্য যে বিগত পাঁচটা বছৰ অসম গণ  পৰিষদৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ দখলত থকা সমষ্টিটোত  দ্বিতীয় বাৰৰ বাবে নিৰ্বাচনত অৱৰ্তীণ হ'বলৈ সুযোগ পোৱাত দলীয় কৰ্মীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। অৱশ্যে দিল্লীত মিত্ৰজোটৰ সম্পৰ্ক অটুট ৰখা গেৰুৱা দলৰ কৰ্মীসকলে টীয়কৰ প্ৰাৰ্থী   গৰাকীৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিতিৰ হাৰ একেবাৰে সেৰেঙা। এক সুত্ৰে জানিব পৰা মতে সোমবাৰে টীয়কৰ এখন ৰেষ্টুৰেণ্টত অ গ প আৰু বি জে পিৰ কৰ্মীসকলৰ মাজত সন্ধিয়া এখন গৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত  গেৰুৱা দলৰ কৰ্মীসকলে অগপৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাক বিজেপি দলৰ কৰ্মীসকলক ভবিষ্যতে গুৰুত্ব আৰোপ কৰিম বুলি চুক্তি পত্ৰত চহী কৰিলেহে  সহায়ৰ হাত আগবঢ়াম বুলি মত পোষণ কৰে প্ৰাৰ্থীগৰাকীক।  নামত থকা কামত নহা মিত্ৰজোট চৰকাৰৰ গেৰুৱা দলৰ টীয়কৰ কৰ্মীসকলৰ এনে হাস্যকৰ মন্তব্যই টীয়কত হাঁহিৰ খোৰাক তুলিছে। আনহাতে ৰাইজৰ দলৰ আমদানিকৃত প্ৰাৰ্থী কবিন্দ্ৰ চেতিয়া ফুকনে প্ৰায় তিনি শতাধিক সমৰ্থকৰ উপস্থিতিত আজি মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখনীয় যে  টীয়ক বিধান সভা সমষ্টিৰ  মুঠ এক লাখ একত্ৰিশ হাজাৰ দুশ আঠানব্বৈ গৰাকী ভোটাৰে এইসকল প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। অৱশ্যে জাতীয় কংগ্ৰেছৰ পল্লবী  গগৈ মিত্ৰজোটৰ  ৰেণুপমা ৰাজখোৱাৰ মাজৰ ৰণখন যে  আকৰ্ষণীয় হ'ব সেয়া নিশ্চিত হৈ পৰিছে।

No comments