Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কাজিৰঙাত ’দ্যা নেচাৰ্চ ক্লিক' উন্মোচন

গণ বাৰ্তা, , বোকাখাত, ৬ মাৰ্চ: সেউজ সাংবাদিকতাক আধাৰ কৰি বন আৰু জন, পৰ্যটন, প্ৰকৃতি সম্পৰ্কীয় বিষয় সামৰি ডিজিটেল সংবাদ মাধ্যমত এক নতুন সংযোজ...


গণ বাৰ্তা, , বোকাখাত, ৬ মাৰ্চ: সেউজ সাংবাদিকতাক আধাৰ কৰি বন আৰু জন, পৰ্যটন, প্ৰকৃতি সম্পৰ্কীয় বিষয় সামৰি ডিজিটেল সংবাদ মাধ্যমত এক নতুন সংযোজন "দ্যা নেচাৰ্চ ক্লিক" ৷ আজি কাজিৰঙাৰ কহঁৰাস্থ বনবিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় "দ্যা নেচাৰ্চ ক্লিক" চমুকৈ টি এন চি (The Natures Click - TNC) ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মহেশ্বৰ গগৈ আৰু বোকাখাত জিলা সম্পাদক অনন্ত গগৈয়ে বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰা অনুষ্ঠানত টি এন চি ৰ ল’গ’ উন্মোচন আৰু ইউ টিউৱ চেনেলৰ শুভাৰম্ভ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক পি. শিৱকুমাৰে ৷ টি এন চিৰ প্ৰ’ম’ ভিডিঅ’ উন্মোচন কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই আৰু ৱেবপেজ মুকলি কৰে কাজিৰঙা জীপ ছাফাৰি সংস্থাৰ সভাপতি তুলসী বৰদলৈয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে বনজ সম্পদ সংৰক্ষণত প্ৰাণ বলি দিয়া বন শ্বহীদ সকলক সুৱঁৰি অনুষ্ঠানতে টি এন চিৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ মূলত প্ৰকৃতিক প্ৰকৃত ৰূপত উপস্থাপন কৰাৰ লগতে সেউজ সাংবাদিকতাৰ জৰিয়তে ৰাজ্যৰ প্ৰকৃতিৰ সংৰক্ষণ, জন সজাগতা তথা বনপ্ৰাণী আৰু মানুহৰ সংঘাত ৰোধৰ লগতে পৰ্যটনৰ উত্তৰণ ক্ষেত্ৰত এক ভূমিকা পালন কৰাৰ লক্ষ্যৰে টি এন চিয়ে কাজিৰঙাকে আধাৰ হিচাপে লৈ আৰম্ভ কৰিছে সেউজ সাংবাদিকতাৰ জগত খনত এক নতুন যাত্ৰা ৷ কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক নীলপদ্ম শৰ্মাক কাৰ্যবাহী সম্পাদক, সাংবাদিক বিতোপন মাজিক বাৰ্তা সম্পাদক, সাংবাদিক ইমৰাণ আলী আৰু মনোজ প্ৰতীম শইকীয়াক বিভাগীয় সম্পাদক আৰু সাংবাদিক ৰাজেশ বেলুৱাৰ আৰু কিষাণ ছেত্ৰীক কাৰিকৰী প্ৰধান হিচাপে লৈ আৰম্ভ কৰা টি এন চিৰ এইছ আৰ - এডমিন হিচাপে আছে ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ তথা ৱাইল্ড লাইফ ট্যুৰ গাইড বিতোপন কলং কলিতা ৷ আজি মুকলি কৰা টি এন চিৰ ৱেবপেজ www.naturesclick.in ৰ লগতে The Natures Click উপলব্ধ ইউ টিউৱ চেনেলত ৷

No comments