Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰঙিয়াত মহাজোটৰ প্ৰাৰ্থী ভগৱান দেৱ মিশ্ৰৰ বিশাল নিৰ্বাচনী সভা : ভৱেশ কলিতাক বিদায় দিয়াৰ অংগিকাৰ

  গণবাৰ্তা ৰঙিয়া ২৭ মাৰ্চ : ৰঙিয়াত এইবাৰ বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতা ৰঙিয়াত ধুলিসাৎ হৈ যাব । ৰঙিয়াৰ জনসাধৰণক দিয়া প্ৰতিশ্ৰুতি পালন কৰা নাই ...


 গণবাৰ্তা ৰঙিয়া ২৭ মাৰ্চ : ৰঙিয়াত এইবাৰ বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতা ৰঙিয়াত ধুলিসাৎ হৈ যাব । ৰঙিয়াৰ জনসাধৰণক দিয়া প্ৰতিশ্ৰুতি পালন কৰা নাই ভৱেশ কলিতাই । ৰঙিয়া এ'পল মিলৰ কৰ্মচাৰীক ৰামঠগন দিছে ভৱেশ কলিতাই । আনকি ৰঙিয়াৰ বগৰীবাৰী মথাউৰী নিৰ্মাণ নকৰাত আলৈ অথানী নোহোৱা হৈছে ৰঙিয়া ৰাইজৰ । আজি ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কংগ্ৰেছ মহাজোটৰ এখন বিশাল নিৰ্বাচনী সভাত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক অপূৰ্ব কুমাৰ ভট্টচাৰ্য্যই এনেদৰে কয় । আনহাতে এইবাৰ অসমত মহাজোটৰ চৰকাৰ হব বুলি নিৰ্বাচনী সভাখনত দাবী কৰে কংগ্ৰেছ নেতাজনে । নিৰ্বাচনী সভাখনত উপস্থিত থাকি বিপিএফ দলৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে অসমত এইবাৰ মহাজোটৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী কৰে । আনহাতে ৰঙিয়াত ভৱেশ কলিতাই পৰাজয় হোৱাটো নিশ্চিত বুলি কৈ হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিএডিৰ বড়ো সমাজ ভৱেশ কলিতাৰ লগত নাই । তেওঁ এইবাৰ মহাজোটৰ চৰকাৰৰ কিং মেকাৰ বুলি দাবী কৰি কয় যে হিমন্ত যিহেতু এটা সময়ত তেওঁৰ শিষ্য আছিল সেইবাবে শিষ্য সদায় তলত আৰু গুৰু সদায় আগত বুলি কটাক্ষ কৰে । ইফালে আজিৰ বিশাল নিৰ্বাচনী সভাখনৰ পিচতে মহাজোটৰ সমৰ্থক সকলে ৰঙিয়াত এক বিশাল ৰেলী কৰি শক্তি প্ৰমান কৰে ।

No comments