Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত নিৰ্বাচনী হিংসা; গুৰুতৰভাবে আহত বিজেপিৰ সমৰ্থক

ষ্টাফ ৰিপৰ্টাৰ যোৰহাট , ২৫ মাৰ্চ : যোৰহাট বিধান সভা সমষ্টিৰ বিভিন্ন ঠাইত প্ৰাক নিৰ্বাচনী হিংসাই ভয়াৱহৰূপ ধাৰণ কৰিছে । দুদিনমানৰ আগতে কেইগ...


ষ্টাফ ৰিপৰ্টাৰ যোৰহাট , ২৫ মাৰ্চ :
যোৰহাট বিধান সভা সমষ্টিৰ বিভিন্ন ঠাইত প্ৰাক নিৰ্বাচনী হিংসাই ভয়াৱহৰূপ ধাৰণ কৰিছে । দুদিনমানৰ আগতে কেইগৰাকীমান বিজেপি কৰ্মীয়ে নাওবৈচা পঞ্চায়তৰ অন্তৰ্গত দিচৈনগৰত এজন কংগ্ৰেছী নেতাক আক্ৰমণ কৰাৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে কালি নিশা ১০-৩০ বজাত চাৰিজন কংগ্ৰেছৰ সমৰ্থকে এজন বিজেপি কৰ্মীক মাৰপিট কৰাৰ অভিযোগ উঠিছে । আক্ৰমণত গুৰুতৰভাবে আঘাত প্ৰাপ্ত বিজেপি সমৰ্থক জনৰ নাম পৰশ বকুল শইকীয়া । জানিব পৰা মতে কালি নিশা যুৱ সমাজকর্মী, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত , হেজাৰী নাওবৈচা বৰনামঘৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ জন্মজয়ন্তীৰ উদযাপন সমিতিৰ সম্পাদক, ভাৰতীয় জনতা পাৰ্টীৰ ৪ নং বুথৰ সক্ৰিয় কৰ্মী পৰশ বকুল শইকীয়াক যোৱা নিশা দলীয় কাৰ্য্যক্ৰম স্থলীৰ পৰা নিজা গৃহলৈ উভতি অহাৰ পথত নাওবৈছাৰ শইকীয়া চুকত নিজ বাসগৃহৰ সন্মুখতে বিৰোধীৰ সমৰ্থক বুলি সন্দেহ কৰা চাৰিজন যুৱকে আক্ৰমণ কৰাৰ ফলত তেওঁ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। পৰশ বকুল শইকীয়াই ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়ে এই এজাহাৰৰ ভিত্তিত অনুপ শইকীয়া , দুৰ্লভ শইকীয়া, সোণমণি বৰা আৰু পংকজ দত্তক সোধাপোচা কৰিছে । আজি অসম বিধাসভাৰ অধ্যক্ষ তথা যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে কৰ্মী জনৰ ঘৰত উপস্থিত হৈ এনে নিকৃষ্ট কৰ্মৰ লগত জড়িত দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে জিলা প্ৰশাসনক দাবী জনায়।

No comments