Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শালবাৰীৰ বৰটাৰীত এআইইউডিএফৰ ফণী তালুকদাৰৰ নিৰ্বাচনী সভা

  গণ বাৰ্তা, শালবাৰী, ২৭ মাৰ্চঃ “ভৱানীপুৰত এইবাৰ জয়লাভ কৰাটো মোৰ নিশ্চিত হৈ গৈছে৷ বদৰুদ্দিন হুজুৰে মুখ্যমন্ত্ৰী নহও বুলি বাৰ বাৰ স্পষ্টীকৰণ...


 গণ বাৰ্তা, শালবাৰী, ২৭ মাৰ্চঃ “ভৱানীপুৰত এইবাৰ জয়লাভ কৰাটো মোৰ নিশ্চিত হৈ গৈছে৷ বদৰুদ্দিন হুজুৰে মুখ্যমন্ত্ৰী নহও বুলি বাৰ বাৰ স্পষ্টীকৰণ দি আহিছে৷ বদৰুদ্দিন আজমল সাম্প্ৰদায়িক ব্যক্তি বুলি হিমন্ত বিশ্ব শৰ্মাই বাৰ বাৰ বিষবাষ্প বিয়পাব খুজিছে৷ বিজেপিও সাম্প্ৰদায়িক দল নহয়, এআইইউডিএফো নহয়৷” এই মন্তব্য ৪১ নং ভৱানীপুৰ সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ৷ আজি সমষ্টিটোৰ অন্তৰ্গত শালবাৰীৰ বৰটাৰী ৰাখল গোঁসাই থান প্ৰাংগনত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ফণীধৰ তালুকদাৰে ভৱানীপুৰ সমষ্টিত তেওঁৰ বাবে এইবাৰ কোনো ফেক্টৰ নহয় বুলি উল্লেখ কৰি সমষ্টিত নিৰ্দলীয় কোনোৱে জয়ী হ’ব নোৱাৰে বুলি দাবী কৰে৷বিগত নিৰ্বাচনত নিৰ্দলীয় হিচাপে ফণীধৰ তালুকদাৰে ২৬ হাজাৰ ভোট লাভ কৰি দুহেজাৰ ভোটৰ ব্যৱধানত পৰাজিত হৈছিল বুলি মন্তব্য কৰি এইবেলি এআইইউডিএফ, কংগ্ৰেছ, বিপিএফ, চিপিএমৰ দৰে শক্তিশালী দল লগত আছে যিহেতু ১০০ শতাংশ জয়ী নিশ্চিত বুলি কয়৷মহাজোঁট চেকুলাৰ দল,নীতি আদৰ্শ থকা দল বাবেই এইবাৰ ৰাইজে মহাজোঁটৰ এখন চৰকাৰ গঠন কৰিব বুলি কয় প্ৰাৰ্থী ফণীধৰ তালুকদাৰে৷ শালবাৰী জিলা বিপিএফৰ সভাপতি ভুৱনেশ্বৰ (বীৰ সিং) গয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাখনত বিপিএফৰ প্ৰাক্তন এমচিএলএ ৰঞ্জিত খেৰকটাৰী,চিপিএমৰ নেতা অক্ষয় ডেকা,পিপুল জইন এক্সন কমিটিৰ চীফ কনভেনৰ বীনাৰাম বড়ো,টিকেন্দ্ৰজিৎ বসুমতাৰী,শালবাৰী জিলা বিপিএফ উপ সভাপতি হাইদৰ আলী আদি উপস্থিত থাকে৷

No comments