Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঢকুৱাখনাত হাজাৰ হাজাৰ সমৰ্থকক লৈ কংগ্ৰেছ প্ৰাৰ্থী পদ্মলোচন দলেৰ মনোনয়ন দাখিল

  গণবাৰ্তা,ঢকুৱাখনা, ৯ মাৰ্চ: বিধান সভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি ১১২ নং ঢকুৱাখনা বিধান সভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্...

 


গণবাৰ্তা,ঢকুৱাখনা, ৯ মাৰ্চ: বিধান সভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি ১১২ নং ঢকুৱাখনা বিধান সভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী যুৱ নেতা পদ্মলোচন দলেয়ে আজি বিজেপি প্ৰাৰ্থী নৱ কুমাৰ দলেক প্ৰধান প্ৰতিদ্বন্দীৰূপে প্ৰত্যাহ্বান জনাই মনোনয়ন পত্ৰ দাখিল কৰে।ঢকুৱাখনা ৰাজীৱ ভৱনৰ পৰা ঢকুৱাখনাৰ মহকুমাধিপতিৰ কাৰ্যালয়লৈ পাঁচ কি:মি:পথ কংগ্ৰেছ আৰু মিত্ৰযোঁটৰ হাজাৰ হাজাৰ সমৰ্থকে এসময়ৰ টি,এম,পি,কে'ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ কংগ্ৰেছ প্ৰাৰ্থী পদ্মলোচন দলেক সমদল কৰি আগবঢ়াই নিয়ে-কংগ্ৰেছ জিন্দাবাদ,পদ্মলোচন দলে জিকিবই,কা' আমি নামানো..ইত্যাদি বিভিন্ন শ্লগান দি।উল্লেখ্য যে আজিৰ সমদলত কালি বিজেপিৰ প্ৰাৰ্থী নৱ কুমাৰ দলেয়ে মনোনয়ন দিবলৈ যাওঁতে লগত যোৱা সমৰ্থকৰ সংখ্যাতকৈও অধিক কংগ্ৰেছ,মিত্ৰযোঁটৰ সমৰ্থকৰ ভিৰ পৰিলক্ষিত হয় কৰ্ট ফিল্ডত।আজিৰ দিনৰ ১২,২০ বজাত ১১২ নং ঢকুৱাখনা বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰূপে মিচিং যুৱ নেতা পদ্মলোচন দলেয়ে মনোনয়ন দাখিল কৰে ঢকুৱাখনাৰ নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়া গুৰুনীল সিঙৰ হাতত ।মনোনয়ন দাখিলয়ৰ সময়ত প্ৰাৰ্থী দলেৰ লগত উপস্থিত থাকে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়া,ঘিলামৰা ব্লক কংগ্ৰেছৰ সভপতি সুভাষ দিহিঙীয়া,ঘিলামৰা ব্লক সন্মিলন গণশক্তি অসমৰ সভাপতি বিদ্যাধৰ বৰা  আদি।অন্যহাতে আজি ঢকুৱাখনাৰ নিৰ্বাচনী ৰিটাৰ্নিং বিষয়া-গুৰুনীল সিঙৰ হাতত নিৰ্দলীয় প্ৰাৰ্থী টিকেন্দ্ৰনাথ বৰুৱা আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী সত্যজিৎ পেগুৱেও মনোনয়ন পত্ৰ দাখিল কৰে।

No comments