Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তিতাবৰ মহকুমাধিপতি সাংবাদিক মেল

গণ বাৰ্তা তিতাবৰ ২৫ মাৰ্চ : তিতাবৰ ১০০ নং আৰু মৰিয়নি ১০১ নং বিধানসভা সমষ্টিৰ নিৰ্বাচনী কাম কাজ সম্পূৰ্ণ কৰিছে মহকুমা প্ৰশাসনে।আজি সন্ধিয়া ম...


গণ বাৰ্তা তিতাবৰ ২৫ মাৰ্চ
: তিতাবৰ ১০০ নং আৰু মৰিয়নি ১০১ নং বিধানসভা সমষ্টিৰ নিৰ্বাচনী কাম কাজ সম্পূৰ্ণ কৰিছে মহকুমা প্ৰশাসনে।আজি সন্ধিয়া মহকুমাধিপতি কাৰ্যালয়ত সাংবাদিক সকলক লগত হোৱা এক বিশেষ সভাত এই সম্পৰ্কে অৱগত কৰে জিলা নিৰ্বাচনী বিষয়া তথা তিতাবৰৰ মহকুমাধিপতি খনিন্দ্ৰ দাসে।দুয়োটা সমষ্টিৰ ৪০০ ভোট গ্ৰহণ কেন্দ্ৰৰ লগতে এ ভি এম সহ সকলো যাৱতীয় সমগ্রী, খোৱা পানী, কোভিড প্ৰতকলৰ সামগ্ৰী সহ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে বুলি উল্লেখ কৰে। এইবাৰ পূৰ্বৰ তুলনাত কাৰ্যালয়ত কাউণ্টাৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে যাতে ভোট গ্ৰহণ কেন্দ্ৰলৈ যাব লগা বিষয়া সকলে সমগ্রী সমূহ গ্ৰহণ কৰা আৰু জমা কৰাৰ সময়ত কোনো ধৰণৰ অসুবিধাৰ সন্মূখীন নহয়।আনহাতে ইতিমধ্যে এটা ভুৱা প্ৰচাৰে কিছু বেমেজালিৰ সৃষ্টি কৰিছে, ভোট গ্ৰহণ কেন্দ্ৰ সমূহত থাকিব লগা পুলিং এজেন্ট আৰু পিজাইটিং বিষয়া সকলে কোভিড ভেকচিন লোৱাটো বাধ্যতামূলক বুলি কোনো চক্ৰই প্ৰচাৰ কৰিছে, বিষয়া গৰাকীয়ে উল্লেখ কৰে যে তেনে কোনো নিয়ম বলৱত হোৱা নাই আৰু কোনো নিৰ্দেশনা আমালৈ অহা নাই, গতিকে এই বিষয়ে কোনো চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন নাই। শেষত ২৭ মাৰ্চৰ দিনটো সুকলমে পাৰ কৰাৰ বাবে সাংবাদিক আৰু ৰাইজৰ সহযোগিতা কামনা কৰে বিষয়া গৰাকীয়ে।

No comments