গণবাৰ্তা : আজাৰা , ২৪ মাৰ্চ : ২০১৬ চনৰ পৰা বিগত প্ৰায় পাঁচোটা বছৰত পশ্চিম গুৱাহাটীত বাট-পথ , দলং খোৱা পানী , বিদ্যুৎ যোগানকে ধৰি বহু উন্...
গণবাৰ্তা : আজাৰা , ২৪ মাৰ্চ : ২০১৬ চনৰ পৰা বিগত প্ৰায় পাঁচোটা বছৰত পশ্চিম গুৱাহাটীত বাট-পথ , দলং খোৱা পানী , বিদ্যুৎ যোগানকে ধৰি বহু উন্নয়ন মূলক কাম কৰা হৈছে । মিত্ৰজোঁটৰ অংশীদাৰী দলৰ বিধায়ক হোৱা বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি চৰকাৰৰ বিভাগীয় মন্ত্ৰী সকলৰ পৰাও যথোপযুক্ত সহায় পোৱা গৈছে । তথাপিও ভবা ধৰণে সমষ্টিটোত কিছু কাম কৰিবলৈ এতিয়াও বাকী আছে । আগন্তক নিৰ্বাচনত বিজয়ী হলে অহা পাঁচ বছৰৰ ভিতৰত সমষ্টিটোক সকলো মৌলিক সমস্যাৰ পৰা মুক্ত কৰা হব । এই মন্তব্য পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক আৰু বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ । ২৩ মাৰ্চত সমষ্টিটোৰ উত্তৰ ভোলাগাওঁ গাঁও পঞ্চায়তৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্রচাৰ অভিযানত ভাগ লৈ এই মন্তব্য কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । কলিতাই পঞ্চায়ত খনৰ দলেপাৰা , সানপাৰা , মেধীপাৰা , আউনিহাটী , গৰগৰা , শিকাৰহাটী , নলগাওঁ , মেধীবৰী , বেহেনাপাৰা , হাতখোৱাপাৰ আদিত পুৱাৰে পৰা নিশালৈ ১০ খনতকৈ অধিক নিৰ্বাচনী সভাত ভাগলৈ আগন্তক নিৰ্বাচনত মিত্ৰজোঁটে আশা কৰা ধৰণে ১০০খন আসন পাব বুলি দাবী কৰি সমষ্টিটোত কংগ্ৰেছ দল কোনো ফেক্টৰ নহয় আৰু অসমৰ ৰাইজে ২০১৬ চনতে কংগ্ৰেছক বিদায় দিয়া বুলি সদৰি কৰে । সভা সমূহত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰশান্ত মহন্ত , ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথ , সম্পাদক হিতেশ কলিতা , ৰামচাৰাণী জিলা পৰিষদৰ সদস্যা শিখা নাথ চৌধুৰীকে ধৰি দলটোৰ কেবাজনো নেতা-,নেত্ৰী , অগপৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মাৰ উপৰি পৰমেশ্বৰ বৰ্মন , পৰেশ বৰুৱা , ৰবীন দৈমাৰী , জোনালী নাথ , ভাৰতী সিং কছাৰী , প্ৰাণেশ্বৰ ৰাভাকে ধৰি দলটোৰ কেবাজনো নেতা-নেত্ৰী উপস্থিত থাকে । উল্লেখযোগ্য ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৰাইজৰ সৈতে পদযাত্ৰাত ভাগ লোৱাৰ লগতে কেবাটাও নামঘৰত গৈ সেৱা লয় ।২০১৬ চনৰ পৰা বিগত প্ৰায় পাঁচোটা বছৰত পশ্চিম গুৱাহাটীত বাট-পথ , দলং খোৱা পানী , বিদ্যুৎ যোগানকে ধৰি বহু উন্নয়ন মূলক কাম কৰা হৈছে । মিত্ৰজোঁটৰ অংশীদাৰী দলৰ বিধায়ক হোৱা বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি চৰকাৰৰ বিভাগীয় মন্ত্ৰী সকলৰ পৰাও যথোপযুক্ত সহায় পোৱা গৈছে । তথাপিও ভবা ধৰণে সমষ্টিটোত কিছু কাম কৰিবলৈ এতিয়াও বাকী আছে । আগন্তক নিৰ্বাচনত বিজয়ী হলে অহা পাঁচ বছৰৰ ভিতৰত সমষ্টিটোক সকলো মৌলিক সমস্যাৰ পৰা মুক্ত কৰা হব । এই মন্তব্য পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক আৰু বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ । ২৩ মাৰ্চত সমষ্টিটোৰ উত্তৰ ভোলাগাওঁ গাঁও পঞ্চায়তৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্রচাৰ অভিযানত ভাগ লৈ এই মন্তব্য কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । কলিতাই পঞ্চায়ত খনৰ দলেপাৰা , সানপাৰা , মেধীপাৰা , আউনিহাটী , গৰগৰা , শিকাৰহাটী , নলগাওঁ , মেধীবৰী , বেহেনাপাৰা , হাতখোৱাপাৰ আদিত পুৱাৰে পৰা নিশালৈ ১০ খনতকৈ অধিক নিৰ্বাচনী সভাত ভাগলৈ আগন্তক নিৰ্বাচনত মিত্ৰজোঁটে আশা কৰা ধৰণে ১০০খন আসন পাব বুলি দাবী কৰি সমষ্টিটোত কংগ্ৰেছ দল কোনো ফেক্টৰ নহয় আৰু অসমৰ ৰাইজে ২০১৬ চনতে কংগ্ৰেছক বিদায় দিয়া বুলি সদৰি কৰে । সভা সমূহত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰশান্ত মহন্ত , ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথ , সম্পাদক হিতেশ কলিতা , ৰামচাৰাণী জিলা পৰিষদৰ সদস্যা শিখা নাথ চৌধুৰীকে ধৰি দলটোৰ কেবাজনো নেতা-,নেত্ৰী , অগপৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মাৰ উপৰি পৰমেশ্বৰ বৰ্মন , পৰেশ বৰুৱা , ৰবীন দৈমাৰী , জোনালী নাথ , ভাৰতী সিং কছাৰী , প্ৰাণেশ্বৰ ৰাভাকে ধৰি দলটোৰ কেবাজনো নেতা-নেত্ৰী উপস্থিত থাকে । উল্লেখযোগ্য ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৰাইজৰ সৈতে পদযাত্ৰাত ভাগ লোৱাৰ লগতে কেবাটাও নামঘৰত গৈ সেৱা লয় ।
No comments