Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আজি বজালীত ওলাল নিৰ্বাচনী ৰথ

  সঞ্জীৱ দাস, ভৱানীপুৰ, ২৭ মাৰ্চঃ বজালী জিলা প্ৰশাসনৰ উদ্যোগত আৰু নিৰ্বাচন সংক্ৰান্তত গঠন কৰা এছ ভি ই ই পি কোষৰ সৌজন্যত আজি বজা...


 সঞ্জীৱ দাস, ভৱানীপুৰ, ২৭ মাৰ্চঃ বজালী জিলা প্ৰশাসনৰ উদ্যোগত আৰু নিৰ্বাচন সংক্ৰান্তত গঠন কৰা এছ ভি ই ই পি কোষৰ সৌজন্যত আজি বজালীত এখন চলন্ত ৰথ উলিওৱা হয়। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত ভোটাধিকাৰ প্ৰাপ্ত নাগৰিকসকলে যাতে নিশ্চিতভাবে ভোটদান কৰে, সেই উদ্দেশ্য আগত ৰাখি জনসাধাৰণৰ মাজত ভোটাদান সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে এই ৰথ উলিওৱা হয়। পাটাছাৰকুছি আৰু ভবানীপুৰ দুয়োটা সমষ্টিৰ ভিন্ন প্ৰান্তত পৰিভ্ৰমণ কৰিবলগীয়া এই ৰথখন সজাই পৰাই তোলা হৈছে আৰু সুসজ্জিত এই ৰথখন ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত যাত্ৰাৰ বাবে ৰখা হয়। জনাকীৰ্ণ ৰাজপথৰ অনেক কৌতুহলী জনতাই ৰথ খন প্ৰত্যক্ষ কৰে আৰু তেনে এক সময়তে বজালী জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই পতাকা জোকাৰি ৰথখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ‌এই সম্পৰ্কত উপায়ুক্ত বৰুৱাই কয় যে এনে অভিলাসী কৰ্ম সূচীৰ ফলপ্ৰসূ ফচল হিচাপে দুয়োটা সমষ্টিৰ নগৰ অঞ্চলৰ উপৰিও গ্ৰামীণ অঞ্চলৰ ভোটাৰ সকলক অনিবাৰ্য ভাৱে উদ্বুদ্ধ কৰি তুলিব।লগতে এই কৰ্মসূচীৰ সমান্তৰালকৈ‌ ভোটদান সজাগতাৰ বাবে এক স্বাক্ষৰ অভিযানৰো আয়োজন‌কৰা হয়। এছ ভি ই ই পি কোষৰ তত্বাৱধায়ক জোনালী ৰাভা আৰু কোষৰ কাৰ্যবাহী হেমাঙ্গ তালুকদাৰে জনোৱা অনুসৰি সুসজ্জিত ধৰণে সজাই পৰাই তোলা ৰথখনত ভোটদান যে নাগৰিকৰ পবিত্ৰ কৰ্তব্য আৰু দায়িত্ব সেই বিষয়ে বিভিন্ন পোষ্টাৰ বেনাৰ, সংগীত আদি সংলগ্ন কৰা হৈছে।

No comments