Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নুমলীগড়ৰ পোৰাবাংলাত বি জে পিৰ বিশাল নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মা

গণবার্তা, নুমলীগড়, ১৬ মাৰ্চঃ আজি মৰঙি পোৰাবাংলাত বি জে পি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ শক্তি প্ৰদৰ্শনৰ বাবে আয়োজিত এখন বিশাল নিৰ্বাচনী সভাত ভাগ ল...


গণবার্তা, নুমলীগড়, ১৬ মাৰ্চঃ আজি মৰঙি পোৰাবাংলাত বি জে পি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ শক্তি প্ৰদৰ্শনৰ বাবে আয়োজিত এখন বিশাল নিৰ্বাচনী সভাত ভাগ লয় অসম চৰকাৰৰ প্ৰভাবশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।  কংগ্ৰেছক ভোট দিলে  কাজিৰঙাত আকৌ গড় হত্যা হব, সত্ৰৰ মাটি বেদখল হব আৰু জাতিৰ মেৰুদণ্ড ভাঙিব বুলি  দাথি কয় সভাত । ২০১৬ চনৰ পৰা বি জে পি মিত্ৰজোটৰ চৰকাৰে ব্যাপক উন্নয়ন সাধন কৰা বুলি দোহাৰি কংগ্ৰেছে কেৱল ধুতি লুঙী আৰু সূতাৰ ৰাজনীতিহে কৰে। বি জে পি চৰকাৰে অসংখ্য নিত্য নতুন আচনিৰে বিকাশৰ গংগা নমাই আনিছে আৰু বিকাশৰ সৌধ নিৰ্মাণৰ বাবে ৰাইজৰ সহযোগিতা বিচাৰি আহ্বান জনায়। কংগ্ৰেছে গেৰেণ্টি দিয়ে আমি গেৰেণ্টি নহয় সংকল্প দোহাৰিছো বুলি প্ৰকাশ কৰি অহা নিৰ্বাচনৰ পিছত বি জে পি আৰু মিত্ৰজোটৰ চৰকাৰ হলে প্ৰথম বছৰত এক লাখ নিবনুৱাক চৰকাৰী চাকৰি দিব প্ৰথম বছৰটোতে। তদুপৰি অৰুনোদই ধন ৮৩০ টকাৰ পৰা তিনি হাজাৰ টকালৈ বৃদ্ধি কৰিব। চৰকাৰৰ স্কুটী দিয়াৰ আচনি সম্প্ৰসাৰণ কৰি স্নাতক আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰীকো দিয়াৰ উপৰিও লৰাৰ বাবেও বাইক দিব আগত সময়ত। লগতে মাইক্ৰফাইনান্স ৰ ধন চৰকাৰে ঘুৰাই দিব, আত্ম সহায়ক গোটক প্ৰথম আঢ়ৈ বছৰত এক লাখ আৰু পিছৰ আঢ়ৈ বছৰত দুই লাখ দিয়াৰ কথাও প্ৰকাশ কৰে মন্ত্ৰী জনে। ইপিনে বিধায়িকা তথা বৰ্তমানৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰ'জলীনা তীৰ্কি নিজৰ ভণ্টী হয় বুলি উল্লেখ কৰি সমষ্টিটোত উন্নয়ন কৰিব নোৱাৰৰ বাবে সৰুপথাৰ সমষ্টি সমূহৰ একেবাৰে শেষত থকা বুলি প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী জনে। লগতে অহা পাচ বছৰত সমষ্টিটো উন্নয়নৰ ক্ষেত্ৰত প্ৰথম পাচটাৰ শাৰীলৈ আনিব বুলি প্ৰতিশ্ৰুতি দিয়ে। এই ক্ষেত্রত শেনছোৱা পথ, সপ্ত ছহীদ পথ, শিলনীজান পথ আদি কেইটামান পথ উন্নয়নৰ নাম উল্লেখ কৰে। তদুপৰি সৰুপথাৰ সমষ্টিত দুখন মহাবিদ্যালয়, দুখন অত্যাধুনিক চিকিৎসালয় নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিলো বুলি সভাত ঘোষণা কৰে মন্তী ডঃ শৰ্মাই। মন কৰিব লগা যে বছৰৰ বাৰমাহ বন্য হাতীৰ উপদ্ৰৱ, ধনশীৰীৰ প্ৰবল গৰাখহনীয়া, ফলঙনিত অচল হৈ থকা বিশাল কৃষি পাম আৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দিনতে স্থাপিত কোটি টকীয়া অচল জলসিঞ্চন আচনিৰ বিষয়ে ভাষণত উল্লেখ নথকা কথাই সচেতন মহলত চৰ্চিত হৈছে। সভাত ৯৬ নং সৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনে বিধায়ক দৰ্মহাৰ সমূদায় ধনৰ এটকাও ঘৰলৈ নিনো বুলি উল্লেখ কৰি সমষ্টি উন্নয়ন ৰ নামত ব্যয় কৰিব বুলি ভাষণ প্ৰসংগত প্ৰকাশ কৰে। সৰুপথাৰ সমষ্টিৰ বিভিন্ন ঠাইৰ পৰা আহি ভাগ লোৱা কেইবা সহস্ৰাধিক বি জে পি আৰু মিত্ৰদল অগপ অনুৰাগীয়ে ভাগ লোৱা সভাত কৃষি মন্ত্ৰী অতুল বৰা, প্ৰাক্তন মন্ত্ৰী বিনোদ গো্আলাৰ লগতে বি জে পি আৰু অগপ বহুকেইজন নেতা উপস্থিত থাকে। ( ৰত দাস )

No comments