Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বকোত বিজেপি - অগপ ৰ প্ৰাৰ্থীত্বকেন্দ্ৰীক সংঘাত; দলত্যাগ কৰি শতাধিক কৰ্মীৰ কংগ্ৰেছলৈ যোগদান

গনবাৰ্তা বকো, ৬ মাৰ্চ : অহা বিধান সভাৰ নিৰ্বাচনৰ কেইটা দিন বাকী থকা অৱস্থাত কামৰূপ জিলাৰ ৪৮ নং বকো বিধান সভা সমষ্টিত নিৰ্বাচনী বতাহ উত্তপ্...


গনবাৰ্তা বকো, ৬ মাৰ্চ
: অহা বিধান সভাৰ নিৰ্বাচনৰ কেইটা দিন বাকী থকা অৱস্থাত কামৰূপ জিলাৰ ৪৮ নং বকো বিধান সভা সমষ্টিত নিৰ্বাচনী বতাহ উত্তপ্ত হৈ উঠা পৰিলক্ষিত হৈছে ৷ এই ক্ষেত্ৰত বকোত অ গ প আৰু বিজেপিৰ পৰা দল ত্যাগ কৰি কেৱল কংগ্ৰেছ দলত যোগদানৰ ধুমধাম চলি থকা পৰিলক্ষিত হৈছে ৷ কালি ছমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি ধনেশ্বৰ বায়নৰ নেতৃত্বত ছমৰীয়া গাঁও পঞ্চায়তৰ পৰা অ গ প আৰু বিজেপি দল ত্যাগ কৰি কুৰি গৰাকী জেষ্ঠ্য নেতৃবৃন্দৰ লগতে ১০০টা কৰ্মীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷পিছত দলত্যাগী সদস্যক বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ফুলাম গামোচাৰে আদৰনী জনায় ৷ লগতে বিধায়িকা গৰাকীয়ে বকোত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক অহা বিধান সভাৰ নিৰ্বাচনত বিজয়ী কৰিবলৈ কংগ্ৰেছৰ কৰ্মী তথা নেতৃবৃন্দক আহ্বান জনায় ৷উল্লেখ্য বকো সমষ্টিত অ গ প আৰু বিজেপি দলৰ মাজত টিকটকেন্দ্ৰীক সংঘাতে দল দুটাৰ পৰা দলে দলে কৰ্মীসকলে দল ত্যাগ কৰি কংগ্ৰেছ দললৈ ঢাপলি মেলাত অহা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীৰ কপাল ফুলা নিশ্চিত বুলি তাৰে ইংগিত বহন কৰা পৰিলক্ষিত হৈছে ৷

No comments