Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কামৰূপত বিষয় ভিত্তিক আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ

পঙ্কজ নাথ, চাংসাৰি , ২৫ মাৰ্চ : কামৰূপ নিৰ্বাচন জিলাৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টিৰ ভোট গ্ৰহণ কেন্দ্ৰ সমূহৰ ভিতৰত ৪০টা ভোট গ্ৰহণ কেন্দ্ৰ...


পঙ্কজ নাথ, চাংসাৰি , ২৫ মাৰ্চ :
কামৰূপ নিৰ্বাচন জিলাৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টিৰ ভোট গ্ৰহণ কেন্দ্ৰ সমূহৰ ভিতৰত ৪০টা ভোট গ্ৰহণ কেন্দ্ৰক আদর্শ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হব । তদুপৰি, এই আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰবোৰৰ ভিতৰত চাৰিটা ভোট গ্ৰহণ কেন্দ্ৰক প্ৰশাসনে বিশেষ থীম তথা বিষয়ৰ ভিত্তিত আৰু অধিক সা-সুবিধাৰে উন্নত ধৰণে গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে । এই বিশেষ থীম চাৰিটা হল- কভিড যোদ্ধা, ডলফিন সংৰক্ষণ, নাৰী সবলীকৰণ আৰু পৰিৱেশ সংৰক্ষণ ।আজি মিৰ্জা ছোৱালী হাইস্কুলত স্থাপন হবলগীয়া থীম ভিত্তিক আদর্শ ভোট গ্ৰহণ কেন্দ্ৰটো গঢ়ি তোলাৰ কাম আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰা হয় । এই উপলক্ষে শিক্ষানুষ্ঠান খনৰ চৌহদত আয়োজিত এক অনুষ্ঠানত কামৰূপ নিৰ্বাচন জিলাৰ জিলা নিৰ্বাচন বিষয়া কৈলাশ কাৰ্তিক এনৰ লগতে ৪৮ নং বকো (অনুসুচিত জাতিৰ বাবে সংৰক্ষিত), ৪৯ নং ছয়গাঁও, ৫০ নং পলাশবাৰী আৰু ৫৫ নং হাজো বিধানসভা সমষ্টিৰ নিৰ্বাচন পৰ্যবেক্ষকসকল ক্ৰমে পবিত্ৰ মণ্ডল, ডঃ মিত্ৰা টি, দয়ানন্দ মিশ্ৰ আৰু ডঃ চন্দ্ৰশেখৰ কুমাৰে অংশ গ্ৰহণ কৰে । নিৰ্বাচন জিলা খনৰ বাবে নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত আৰক্ষী পৰ্যবেক্ষক ৰঞ্জন কুমাৰ শৰ্মাইয়ো অনুষ্ঠানত উপস্থিত আছিল । অনুষ্ঠানত কামৰূপ জিলাৰ সহকাৰী আয়ুক্তদ্বয় ক্ৰমে মিতালী চন্দ্ৰা আৰু ছেহনাব ছাহিনে আদর্শ ভোটদান কেন্দ্ৰ সমূহত থাকিবলগীয়া সা-সুবিধা সমূহৰ লগতে ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবে জিলা খনত গ্ৰহণ কৰা ব্যৱস্থা সমূহৰ বিষয়ে সভাত ব্যা খ্যাখ কৰে । উল্লেখ্য যে থীম ভিত্তিত গঢ়ি তুলিবলৈ লোৱা আদর্শ ভোট গ্ৰহণ কেন্দ্ৰ সমূহ এনে ধৰণে গঢ়ি তোলা হব যাতে ইয়াৰ ফলত সংশ্লিষ্ট শিক্ষানুষ্ঠান খনৰ আন্তঃগাঁঠনিত এক স্থায়ী সংযোজন ঘটে । অনুষ্ঠানত স্থানীয় শিল্পী সমাজে ভোটাৰ সজাগতামূলক এখন বাটৰ নাট পৰিৱেশন কৰে । নিৰ্বাচন পৰ্যবেক্ষক কেইগৰাকীয়ে শিক্ষানুষ্ঠান খন পৰিদৰ্শন কৰি তাত চলি থকা কাম-কাজৰ বুজ লয় আৰু সংশ্লিষ্ট বিষয়া-কর্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰে।

No comments