Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লাহোৱালত শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰি ভোটাধিকাৰ সাব্যস্তৰে গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বান ৰাহুল গান্ধীৰ

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ১৯ মাৰ্চ : লাহোৱালত ভাৰতীয় জাতীয় কংগ্ৰেছৰ উপ-সভপাতি তথা দলটোৰ যুৱনেতা ৰাহুল গান্ধীয়ে মটক চাহ বাগিচা খেলপথাৰত সমষ্...


গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ১৯ মাৰ্চ
: লাহোৱালত ভাৰতীয় জাতীয় কংগ্ৰেছৰ উপ-সভপাতি তথা দলটোৰ যুৱনেতা ৰাহুল গান্ধীয়ে মটক চাহ বাগিচা খেলপথাৰত সমষ্টিটোৰ অন্তৰ্গত শিক্ষাৰ্থীসকলৰ লগত এক ভাৱ বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰে৷ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত হোৱা এই মত বিনিময় অনুষ্ঠানত শিক্ষাৰ্থীসকলে ভাৰতীয় গণতন্ত্ৰ, ৰাজনৈতিক ব্যৱস্থাৱলী, অৰ্থনৈতিক অস্থিৰতাকে ধৰি বিভিন্ন বিষয়ত নেতাজনক প্ৰশ্ন উত্থাপন কৰে আৰু ৰাহুল গান্ধীয়ে যুৱক-যুৱতীসকলৰ প্ৰশ্নৰ উত্তৰত ভোটাধিকাৰ সাব্যস্তৰে ভাৰতীয় গণতন্ত্ৰক ৰক্ষা কৰি বিশ্বৰ এখন আগশাৰীৰ দেশলৈ পৰিণত কৰাৰ বাবে আহবান জনায়৷ উল্লেখযোগ্য যে লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় সোতৰখন পঞ্চায়তৰ শিক্ষাৰ্থীসকলে আজি এই মত বিনিময় অনুষ্ঠানত উপস্থিত থাকি বিভিন্ন ধৰণৰ প্ৰশ্ন কৰাৰ লগতে ৰাহুল গান্ধীয়ে ইয়াৰ উত্তৰ দিয়ে৷ লাহোৱাল সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ প্ৰচাৰ কৰিবলৈ অহা কংগ্ৰেছৰ নেতাগৰাকীয়ে বৰ্তমান কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণক কৰা প্ৰতাৰণা আৰু অত্যাচাৰৰ লগতে ধৰ্মৰ নামত কৰা ৰাজনীতিৰ ফলত দেশৰ অৱস্থা শোচনীয় হোৱা বুলি মুকলিকৈ উল্লেখ কৰাৰ লগতে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দেশৰ নৱপ্ৰজন্মই নিজৰ ইচ্চা অনুসৰি ভোটাধিকাৰ সাব্যস্ত কৰি এখন জনহিতকৰ চৰকাৰ গঠন কৰিব পাৰে বুলিও কয়৷ আজি এই অনুষ্ঠানত ছত্তীশগড়ৰ মুখ্য মন্ত্ৰী সুৰেশ বাঘেল, সাংসদ প্ৰদ্যুৎ বৰদলৈ, কংগ্ৰেছৰ সচিব বিকাশ উপাধ্যায়, লাহোৱাল সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ ধানোৱাৰকে ধৰি দলটোৰ নেতা-কৰ্মীসকল উপস্থিত থাকে৷ উল্লেখযোগ্য যে আজি এই মত বিনিময় অনুষ্ঠানটোত লাহোৱাল তথা ডিব্ৰুগড় জিলাৰ সদৰৰ পৰা যোৱা বৈদ্যুতিন আৰু প্ৰচাৰ মাধ্যমৰ সংবাদকৰ্মীসকলক সভাগৃহত প্ৰৱেশ কৰিবলৈ নিদিয়াত এক অনাহূত পৰিৱেশৰ সৃষ্টি হয়৷ উপায়ন্তৰ হৈ আয়োজক সমিতিয়ে দিল্লীৱালাৰ নিৰ্দেশনাত নস্যাৎ কৰি পৰৱৰ্তী সময়ত সংবাদ কৰ্মীসকলে নিজৰ দায়িত্ব ক্ষোভেৰে সম্পাদন কৰা কাৰ্যক কংগ্ৰেছ দলৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ হৈছে৷ কংগ্ৰেছৰ পাঁচ গান্ধীৰ এইবাৰ নিৰ্বাচনত বিশেষভাৱে জনসাধাৰণক সহায় কৰিব বুলি কোৱাৰ লগতে নিবনুৱাসকলৰ নিযুক্তি, চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিকে ধৰি অন্যান্য প্ৰতিশ্ৰুতি সম্পৰ্কেও মত বিনিময় অনুষ্ঠানত উল্লেখ কৰি পৰৱৰ্তী সময়ত যাতে কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীসকলক ভোটদান কৰি বিজয় কৰে তাৰ বাবে আহ্বান জনায়৷ লাহোৱালৰ এই মত বিনিময় অনুষ্ঠানৰ পাছতে ৰাহুল গান্ধীয়ে চাবুৱাত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷

No comments