Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সৰুক্ষেত্ৰী সমষ্টিক অসমৰ টপ টেন সমষ্টিৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি জাকিৰ হুছেইন সিকদাৰৰ

গণ বাৰ্তা, জাৰাবাৰী ১৫ মাৰ্চ: যোৱাকালি গুৱাহাটীৰ পৰা ঘৰমুৱা হোৱাত সৰুক্ষেত্ৰীত জাকিৰ হুছেইন শিকদাৰক সমষ্টিবাসীয়ে যিধৰনে আদৰনি জনালে তাৰ পৰা ...



গণ বাৰ্তা, জাৰাবাৰী ১৫ মাৰ্চ: যোৱাকালি গুৱাহাটীৰ পৰা ঘৰমুৱা হোৱাত সৰুক্ষেত্ৰীত জাকিৰ হুছেইন শিকদাৰক সমষ্টিবাসীয়ে যিধৰনে আদৰনি জনালে তাৰ পৰা সৰুক্ষেত্ৰীৰ ৰাজনৈতিক দৃশ্যপট সলনি হৈ পৰিল বুলি সাধাৰণ জনতাই কব খোজে। বৰপেটা-নলবাৰী জিলাৰ সীমান্ত তথা সৰুক্ষেত্ৰী সমষ্টিৰ গৰৈমাৰী-মাজদিয়াৰ পৰা কয়াকুছিলৈ মুঠ ৬৪ কিলোমিটাৰ জোৰা এক বিশাল বাইক আৰু চাৰিচকীয়া বাহনৰ ৰেলীৰে আদৰি নিয়ে কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰক ৷ সৰুক্ষেত্ৰীত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে এআইইউডিএফৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা আগবঢ়াইছে যদিও তাইৰ প্ৰভাৱ যে নপৰে সেয়া আজিৰ বাইক ৰেলীৰ পৰা স্পষ্ট হৈ পৰে। প্ৰায় ত্ৰিশ হাজাৰ কৰ্মীয়ে আদৰনি জনোৱাত উৎফুল্লিত হৈ পৰে বিধায়ক জাকিৰ হুছেইন সিকদাৰ। এইবাৰৰ নিৰ্বাচনত তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰি কয় যে সৰুক্ষেত্ৰী সমষ্টিত এই বিশাল জনসমাগমে বিৰোধী দলৰ কথা পাতিবলগীয়া বা চিন্তা কৰিবলগীয়া একো নাই আৰু সৰুক্ষেত্ৰীৰ ৰাইজ কংগ্ৰেছৰ সৈতে আছে আৰু পৰৱৰ্তী দিনতো থাকিব। নিজে সৰুক্ষেত্ৰীৰ মাটিত থাকি সৰুক্ষেত্ৰী সমষ্টিৰ ৰাইজৰ সেৱা আগবঢ়োৱাৰ সুযোগ বিচাৰি ৰাইজৰ আশীৰ্বাদ কামনা কৰে। লগতে যুৱ বিধায়কজনে সৰুক্ষেত্ৰী সমষ্টিক অসমৰ টপ টেন সমষ্টিৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। 


No comments