Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট জিলাত ২০ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭,৫৬,৮৫৬ ভোটাৰে

গণবাৰ্তা/ গণ বার্তা বিশেষ,যোৰহাট, ১২ মাৰ্চ : যোৰহাট জিলাৰ পাঁচ টা সমষ্টিৰ পৰা এইবাৰ বিধানসভা নিৰ্বাচনত মুঠ ২০ জন প্ৰাৰ্থী য়ে প্ৰতিদ্বন্দিতা...


গণবাৰ্তা/ গণ বার্তা বিশেষ,যোৰহাট, ১২ মাৰ্চ
: যোৰহাট জিলাৰ পাঁচ টা সমষ্টিৰ পৰা এইবাৰ বিধানসভা নিৰ্বাচনত মুঠ ২০ জন প্ৰাৰ্থী য়ে প্ৰতিদ্বন্দিতা কৰিব। ২০ জন প্ৰাৰ্থীৰ বিপৰীতে যোৰহাট জিলাৰ পাঁচটা সমষ্টি ধৰি মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭৫৬৮৫৬। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ক্ৰমে ৩৭৬৮৬৫ আৰু ৩৭৯৯৯১ গৰাকী। আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ অন্তিম দিনা লৈকে চূড়ান্ত হোৱা প্ৰাৰ্থী ৰ তালিকা অনুসৰি ৯৭ নং দেৰগাঁও সমষ্টিৰ প্ৰাৰ্থী হৈছে বাণী হাজৰিকা(কংগ্ৰেছ), ভবেন্দ্ৰ নাথ ভৰালী(অসম গণ পৰিষদ), আনন্দ দাস(অসম জাতীয় পৰিসদ) আৰু প্ৰবীণ দাস(নিৰ্দলীয়)। ৯৮ নং যোৰহাট সমষ্টিৰ পার্থী সকল হৈছে ৰাণা গোস্বামী(কংগ্ৰেছ), হিতেন্দ্ৰ নাথ গোস্বামী(বিজেপি), নিৰুদ চাংকাকতী(অসম জাতীয় পৰিসদ) আৰু ৰঞ্জিত বৰুৱা(নিৰ্দলীয়)। ১০০ নং তিতাবৰ সমষ্টিৰ পার্থী সকল হৈছে ভাস্কৰ বৰুৱা(কংগ্ৰেছ), হেমন্ত কলিতা(বিজেপি), শৈলেন্দ্ৰ হাজৰিকা(অসম জাতীয় পৰিষদ) আৰু দিলীপ গগৈ(নিৰ্দলীয়)। আনহাতে ১০১ নং মৰিয়নি সমষ্টিৰ পার্থী সকল হৈছে ৰুপজ্যোতি কুৰ্মী(কংগ্ৰেছ), ৰমণী তাঁতী(বিজেপি), গোপাল চন্দ্ৰ ঘটোৱাৰ(অসম সংগ্ৰামী মঞ্চ)। উল্লেখযোগ্য যে মৰিয়নি সমষ্টিৰ পৰা কৃষক নেতা অখিল গগৈয়ে প্ৰতিদ্বন্দিতা কৰাৰ কথা আছিল যদিও আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা তেওঁৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। আৰু ১০২ নং টীয়ক সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব লগীয়া পার্থী সকল হৈছে পল্লৱী গগৈ(কংগ্ৰেছ), ৰেণুপমা ৰাজখোৱা(অসম গণ পৰিষদ), ৰুবি নেওগ(এল জে পি), কবিন্দ্ৰ চেতিয়া ফুকন( নিৰ্দলীয়) আৰু শ্ৰীমন্ত কুমাৰ দত্ত(নিৰ্দলীয়)। আজি যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা এক সংবাদমেল ত এই সম্পৰ্কে উল্লেখ কৰে জিলা উপায়ুক্ত আৰ , অপৰঞ্জী কৰাটিয়ে। সংবাদমেলত পোষ্টেল ভোট সন্দৰ্ভত উল্লেখ কৰি উপায়ুক্ত গৰাকীয়ে কয় যে, যিহেতু নিৰ্বাচন আয়োগে পোষ্টেল ভোটাৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে, সেই অনুসৰি উক্ত প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে যোৰহাট, টীয়ক আৰু দেৰগাঁও সমষ্টিৰ মুঠ ৩৩৩২ গৰাকী ভোটাৰে আবেদন কৰিছে। ইয়াৰ ভিতৰত ৮০ বছৰ উৰ্ধৰ ২২৮৮ গৰাকী আৰু ১০৪৪ গৰাকী বিশেষ ভাবে সক্ষম ভোটাৰে আবেদন কৰিছে। এই প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যেই দুগৰাকী নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে। আনহাতে যোৰহাট জিলাৰ পাঁচ টা সমষ্টিত মুঠ ১১০২ টা পুলিং ষ্টেচন নিৰ্ধাৰণ কৰা হৈছে আৰু ইয়াৰ ভিতৰত ১৬৫ টা হৈছে অক্জিলেৰি ভোটিং ষ্টেচন। ইতিমধ্যে যোৰহাট জিলা ত মুঠ ২৯ টা কৃটিকেল পুলিং ষ্টেচন নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ ভিতৰত যোৰহাটত ১ টা, তিতাবৰত ১৯ টা, মৰিয়নিত ৬ টা, আৰু টীয়কত ৩ টা কৃটিকেল ষ্টেচন আছে। আনহাতে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পাছৰ পৰা যোৰহাট জিলাৰ পাঁচ টা সমষ্টিৰ পৰা নিৰ্বাচন আয়োগৰ নিয়ম উলংঘা কৰাৰ বাবে আজিলৈকে মুঠ ১৮,৩৪,০৬৯ টকা জব্দ কৰা হৈছে। আনহাতে সংবাদমেল ত উপস্থিত থাকি যোৰহাট জিলা আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে আগন্তুক নিৰ্বাচন ৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে বুলি উল্লেখ কৰি কয় যে, নিৰ্বাচন ৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ১৯ টা ফ্লায়িং স্কোআড আৰু ১৫ টা ষ্টেটিক টিম গঠন কৰা হৈছে। তদুপৰি যোৰহাটৰ অসম নাগালেণ্ড সীমান্ততো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।ইফালে আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত কভিডে জোকাৰিছে যোৰহাটত| ইতিমধ্যে জিলা খনলৈ পৰ্য্যবেক্ষক হিচাপে অহা এজন বিষয়াৰ দেহত কভিড ১৯ পজিটিভ ধৰা পৰা পিছতে বিষয়াজনৰ দেহৰক্ষী হিচাপে কৰ্তব্যৰত এজন জোৱানৰ দেহতো ধৰা পৰিছে কভিড ১৯ পজিটিভ| আজি সংবাদ মেলত এই কথা সদৰী কৰে জিলা উপায়ুক্ত গৰাকীয়ে|

No comments