Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মৰিয়নীত বিজেপিৰ প্ৰচাৰ সভাত অংশ লৈ কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ

গণ বাৰ্তা, নকছাৰি, ১৩ মাৰ্চ : মৰিয়নীত বিজেপিৰ প্ৰাৰ্থী ৰমনী তাঁতীৰ হৈ আজি প্ৰচাৰ চলালে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৷ মৰিয়নীত...


গণ বাৰ্তা, নকছাৰি, ১৩ মাৰ্চ
: মৰিয়নীত বিজেপিৰ প্ৰাৰ্থী ৰমনী তাঁতীৰ হৈ আজি প্ৰচাৰ চলালে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৷ মৰিয়নীত বিজেপি প্ৰাৰ্থী ৰমনী তাঁতীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ স্মৃতি ইৰাণীয়ে কংগ্ৰেছক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দল হিচাপে বুলি উল্লেখ কৰে । আনহাতে, বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিৰ লাভালাভ অব্যাহত ৰাখিবলৈ মৰিয়নীবাসীক বিজেপিক ভোট দিবলৈ আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ইফালে, অসমত প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ দৰিদ্ৰ লোকসকল উপকৃত হোৱাকৈ কেইবাখনো আঁচনিৰ শুভাৰম্ভ কৰিছে। কিন্তু কংগ্ৰেছ চৰকাৰে কেতিয়াও দৰিদ্ৰ লোকসকলৰ বাবে কাম কৰা নাই বুলি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে মৰিয়নীৰ তিনিবাৰৰ বিধায়ক তথা হেভিৱেট কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰমনী তাঁতীয়ে। মৰিয়নী সমষ্টিত ২৭ মাৰ্চত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।

No comments