Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ; ভোটাৰৰ মাজত আৰম্ভ হৈছে হিচাপ-নিকাচ

  গণবাৰ্তা বিশেষ, যোৰহাট ২২ মাৰ্চ: বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোট গ্ৰহনলৈ মাজত আৰু মাত্ৰ চাৰিটা দিন বাকী । ইতিমধ্যে যোৰহাটত তুংগত উ...


 গণবাৰ্তা বিশেষ, যোৰহাট ২২ মাৰ্চ: বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোট গ্ৰহনলৈ মাজত আৰু মাত্ৰ চাৰিটা দিন বাকী । ইতিমধ্যে যোৰহাটত তুংগত উঠিছে ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ । প্ৰতিটো ৰাজনৈতিক দলে বিভিন্ন নিৰ্বাচনী প্ৰতিশ্ৰুতিৰে নিজৰ নিজৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে । যোৰহাট বিধান সভা সমষ্টিত আকৰ্ষনীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ । বিজেপি দলৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামী আৰু কংগ্ৰেছ দলৰ ৰাণা গোস্বামীৰ মাজতে মুল প্ৰতিদ্বন্দিতা হোৱাটো নিশ্চিত হৈ পৰিছে । সমষ্টিটোত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী নিৰোদ চাংকাকতিও তলে তলে জনপ্ৰিয়তা হৈ পৰিছে । আনহাতে হিতেন্দ্ৰ নাথ গোস্বামীয়ে বহু অভিলাষী আচনিৰ প্ৰতিশ্ৰুতি লৈ ৰাইজৰ মাজলৈ অহাৰ বিপৰীতে ৰাণা গোস্বামীয়ে কংগ্ৰেছৰ পাচঁটা গেৰান্টীৰ লগতে যোৰহাট সমষ্টিৰ আধৰুৱা কাম সমূহক নিৰ্বাচনী ইচ্ছ্যু হিচাপে লৈ ৰাইজৰ মাজলৈ অহা পৰিলক্ষিত হৈছে| উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী হিচাপে থকা শান্তনু পূজাৰীৰ এক বৃহৎ ভোট বেংক আছে । শান্তনু পূজাৰীয়ে টিকট নোপোৱা বাবে পূজাৰীৰ সমৰ্থক সকলে ভিতৰি ভিতৰি এক প্ৰকাৰে ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে| যাৰ ফলত এতিয়া হিতেন্দ্ৰ নাথ গোস্বামীৰ জয়ত এক প্ৰশ্ন আহি পৰিছে । অৱশ্যে বৰ্তমান সময়ত শান্তনু পূজাৰীৰ সমৰ্থকৰ একাংশ হিতেন্দ্ৰ নাথ গোস্বামীৰ শিবিৰলৈ ধাপলি মৰা পৰিলক্ষিত হৈছে । এই ঘটনাই নিশ্চয়কৈ শক্তি বৃদ্ধি কৰিছে হিতেন্দ্ৰ নাথ গোস্বামীৰ| আনহাতে যোৰহাটৰ সচেতন মহলৰ একাংশই হিতেন্দ্ৰ নাথ গোস্বামীৰ বিগত পাঁচটা বৰ্ষৰ কামত চূড়ান্ত ভাৱে ক্ষোভিত হৈ থকাৰ উপৰিও বিধায়ক হিচাপে সাধাৰণ ৰাইজৰ পৰা এক নিৰ্দিষ্ট দূৰত্বত থকা বাবে জনপ্ৰতিনিধি হিচাপে পুনৰ হিতেন গোস্বামীক আদৰি লব বিছৰা নাই | এনে ক্ষেত্ৰত গোস্বামীয়ে ভোটাৰক কি দৰে আস্বস্ত কৰিব পাৰিব সেয়া সময়ত নিশ্চিত হ'ব পাৰিব| ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ৰাণা গোস্বামীৰ লগত ৰাইজৰ আছে এক সুকীয়া সম্পৰ্ক| সাধাৰণ ৰাইজৰ সামান্য বিপদত ৰাইজৰ কাষলৈ যোৱা ৰাণা গোস্বামীক কভিডৰ সময়চোৱাত অধিক সক্ৰিয় ৰূপত দেখা পোৱা গৈছিল| এনে পৰিপ্ৰেক্ষিতত যোৰহাট সমষ্টিত দুই গোস্বামীৰ যুজঁ খন অধিক আকৰ্ষনীয় হোৱাৰ সম্ভাৱনা অধিক হৈ পৰিছে| ইফালে নিৰ্বাচনী প্ৰচাৰত আকৰ্ষন বৃদ্ধি পাইছে দেৰগাঁও বিধান সভা সমষ্টিত| বিগত পাচটা বছৰ শুই বহি কটোৱা বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীক পুনৰ মিত্ৰজোটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা পিছতে সমষ্টিতোৰ বিজেপি সমৰ্থক সকল ক্ষোভিত হৈ পৰা লগতে ক্ষোভিত হৈ পৰে সাধাৰণ ৰাইজো| সাধাৰণ ৰাইজে মন্তব্য কৰা অনুসৰি পাচটা বছৰ বিধায়ক জনে উন্নয়নটো দূৰৰে কথা সাধাৰণ ৰাইজক লগ কৰিবলৈও সময় নাপালে যাৰ বাবে ক্ষোভিত হৈ আছে সাধাৰণ ৰাইজ| বিধায়ক জনে ৰাইজৰ ৰোষত পৰা ভয়তে নিৰ্বাচনী প্ৰচাৰৰ বাবেও মালৌআলি পথ ব্যৱহাৰ নকৰা বিষয়টোৱে তেওঁৰ অকমন্যতা স্বীকাৰ কৰি লোৱাটো সুচাইছে| ইয়াৰোপৰি অতি আশ্চৰ্য্য জনক ভাৱে কেইদিন মান পূৰ্বে হোৱা এক নিৰ্বাচনী সভাত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আহোতে সভাত অগপ দলৰ সমৰ্থকৰ তুলনাত বিজেপিৰ সমৰ্থক বেছি আছিল| আনহাতে বিজেপি সমৰ্থক সকলৰ অধিকাংশ তৃণমুল কৰ্মীয়ে মিত্ৰজোটৰ প্ৰাৰ্থীক ভোট নিদিয়ে বুলি দাবী কৰিছে| মুঠৰ ওপৰত দেৰগাঁও বিধান সভা সমষ্টিত আগন্তুক নিৰ্বাচনত ভৱেন্দ্ৰ নাথ ভৰালীৰ স্থিতি ঠৰক বৰক বুলি চিহ্নিত হৈছে| আনহাতে সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী বানী হাজৰিকাৰ স্থিতি সৱল বুলি চৰ্চিত হৈছে যদিও দলৰ একাংশ প্ৰাৰ্থীত্ব প্ৰত্যাশী টিকটৰ পৰা বঞ্চিত হোৱাৰ বাবে ভিতৰি ভিতৰি এক চিপৰাং মৰা ৰাজনীতি চলি আছে বুলি দলৰ এক গোপন সুত্ৰত প্ৰকাশ| যদি দলীয় অসন্তুষ্টি সমূহ আতৰ হয় তেতিয়া বানী হাজৰিকাৰ জয়ী হোৱাৰ সম্ভাৱনা অধিক হৈ পৰিছে| আনহাতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আনন্দ দাস নিকা ভাৱমুৰ্ত্তিৰ যদিও ৰাইজৰ বাবে একেবাৰে নতুন মূখ হোৱাৰ লগতে দলটোৰ নিৰ্বাচনী প্ৰচাৰো যথেষ্ট কৰিব পৰা নাই| এনে বিভিন্ন দিশৰ পৰা দেৰগাঁও সমষ্টিতো মুল যুজ কংগ্ৰেছ আৰু মিত্ৰজোটৰ মাজতে হোৱাটো নিশ্চিত হৈ পৰিছে|

No comments