Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মৰাণত অব্যাহত আছে বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ; বিজেপি কৰ্মীয়ে ৰাজপথতে পাতিলে সংবাদমেল

গণ বাৰ্তা, মৰাণ, ২ মাৰ্চঃ শাসকীয় বিজেপি দলৰ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে প্ৰতিবাদ । লেজ...


গণ বাৰ্তা, মৰাণ, ২ মাৰ্চঃ
শাসকীয় বিজেপি দলৰ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে প্ৰতিবাদ । লেজাই, গৰুধৰীয়া, কোটোহা, চেপন, খোৱাঙৰ পিছত আজি মৰাণৰ ৰাংচালী পঞ্চায়তটো বিধায়কগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি কৰ্মীয়ে। পঞ্চায়তটোৰ কেইবাটাও ৱাৰ্ডৰ পৰা বহু বিজেপি কৰ্মী দলে বলে ওলাই আহি ক্ষোভ উজাৰিলে বিধায়কগৰাকীৰ বিৰুদ্ধে । বিজেপি জিন্দাবাদ, চক্ৰধৰ গগৈ মুৰ্দাবাদ আদি শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ অঞ্চল । কৰ্মীসকলে সকলে প্ৰতিবাদৰ অন্তত ৰাজপথতে এখন সংবাদমেল অনুষ্ঠিত কৰি বিধায়ক গৰাকীয়ে সমষ্টিটোত কৰা ব্যাগোম দুৰ্নীতি উদঙাই দি কৰ্মীসকলে বিধায়ক চক্ৰধৰ গগৈক পুনৰ টিকট নিদিবলৈ দাবী উত্থাপন কৰাৰ লগতে সমষ্টিটোত নতুন মুখক প্ৰাধান্য দিবলৈ দলীয় নেতৃত্বক আহ্বান জনায় ।

No comments