Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ মেলেংত দ্বিনী জালছা সম্পন্ন : বিশ্ব শান্তিৰ বাবে দোৱা প্রাৰ্থনা

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ১১ মাৰ্চ :  যোৰহাটৰ মেলেং মুছলিম গাঁৱত বৃহস্পতিবাৰে অনুষ্ঠিত হয় দ্বিনী জালছা অনুষ্ঠান । বিশ্বত কৰোণাই ট্ৰাস চলোৱাত ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ১১ মাৰ্চ :  যোৰহাটৰ মেলেং মুছলিম গাঁৱত বৃহস্পতিবাৰে অনুষ্ঠিত হয় দ্বিনী জালছা অনুষ্ঠান । বিশ্বত কৰোণাই ট্ৰাস চলোৱাত বহু লক্ষ লোক মৃত্যু হৈছিল । সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষত , অসমত তথা যোৰহাটতো বহু গুণী -জ্ঞানী  , গণ্য মান্য লোক আমাৰ মাজৰ পৰা তাৎক্ষণিকভাবে বিদায় লবলগীয়া হৈছিল । সেই মুহূৰ্তই আজিও সকলোকে মৰ্মাহত কৰি আছে । সেইসকলৰ আত্মাৰ সদগতি আৰু সমগ্র বিশ্বই যাতে তেনে দিন আৰু নেদেখে সেই উদ্দেশ্যেই বিশ্ব শান্তিৰ বাবে পূব যোৰহাটৰ মেলেং মুছলিম গাঁৱত যুৱ সমিতিৰ উদ্যোগত ইছলামিক দ্বিনী জালছা অনুষ্ঠিত কৰা হয় । উক্ত অনুষ্ঠানত সমূহীয়া কোৰান পাঠ , কৰাৰ লগতে ইছলামত শিক্ষাৰ প্ৰয়োজনীয়তা , ইছলামত  আধ্যাত্মিকতা আদিৰ সন্দৰ্ভত এক বক্তৃতা অনুষ্ঠানো অনুষ্ঠিত কৰা হয় । বিশিষ্ট সমাজ  কৰ্মী মৌলানা মুছাদ্দিকে সভাপতিত্ব কৰা বক্তৃতা প্ৰদান অনুষ্ঠানটোত মৌলানা চৰিফুল হুছেইন , মৌলানা আজমল হুছেইন ,যোৰহাট গঁড়আলি মছজিদৰ ইমাম মৌলানা ইনাম ৰাববানি , চাহিদুৰ ৰহমান আৰু মনিৰুল হকে বক্তৃতা প্ৰদান কৰে । যোৰহাটৰ জাম্মা মছজিদৰ ইমাম মৌলানা চৰিফুল হুছেইনে বিশ্বশান্তিৰ বাবে দোৱা কৰা ধর্মীয় অনুষ্ঠানটোত প্ৰায় দুই সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছিল । উক্ত অনুষ্ঠানত যোৰহাটৰ বিশিষ্ট সমাজ কৰ্মী চফিকুৰ ৰহমান আৰু সাংবাদিক তথা জিকিৰ শিল্পী নেকিব আহমেদক সম্বৰ্ধনা জনোৱা হয় ।

No comments