Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

"মহাজোঁটবন্ধনে ৭৪খনত কৈ অধিক আসন লভ কৰি এইবাৰ চৰকাৰ গঠন কৰিব। " - বদৰুদ্দিন আজমল

গণবাৰ্তা, জলেশ্বৰ, ২৪ মাৰ্চ :  মহাজোঁটবন্ধনে ৭৪খনত কৈ অধিক আসন লভ কৰি এইবাৰ চৰকাৰ গঠন কৰিব । মহাজোঁটবন্ধনে চৰকাৰ গঠন কৰিও দহখন আসন বেছি থাকি...


গণবাৰ্তা, জলেশ্বৰ, ২৪ মাৰ্চ
:  মহাজোঁটবন্ধনে ৭৪খনত কৈ অধিক আসন লভ কৰি এইবাৰ চৰকাৰ গঠন কৰিব । মহাজোঁটবন্ধনে চৰকাৰ গঠন কৰিও দহখন আসন বেছি থাকিব । আনহাতে বি জে পি নেতৃতাধীন মিত্ৰজোঁটে এইবাৰ নিৰ্বাচনত ৩৫ৰ পৰা ৪৫খন আসনতে সিমাবদ্ধ থাকিব এই বিস্ফোৰক মন্তব্য এ আই ইউ ডি এফ দলৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ ।আজি জলেশ্বৰ সমষ্টিৰ চিৰাকুটিত অনুষ্ঠিত এ আই ইউ ডি দলৰ এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি এনেদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে সাংসদ তথা এ আই ইউ ডি এফ দলৰ মুৰব্বী বদৰুদ্দিন আজমলে । আজমলে লগতে কয় যে বি জে পি দল এইবাৰ নিৰ্বাচনত অসমৰ পৰা বিদায় লোৱাৰ উপৰিও পশ্চিম বংগ¸কেৰেলা¸পণ্ডীচেৰীৰ পৰা বিদায় হৈ লাহে লাহে ভাৰতবৰ্ষৰ পৰা বিদায় হব বি জে পি দল । উল্লেখযোগ্য যে কংগ্ৰেছ এ আই ইউ ডি এফে জলেশ্বৰ সমষ্টিত বন্ধুত্বপূৰ্ণ নিৰ্বাচন খেলিছে যদিও আজমলে কংগ্ৰেছ প্ৰাৰ্থী আফতাব উদ্দিন মোল্যাক ব্যপক সমালোচনা কৰে । আনহাতে আজমলে সভাত বক্তব্য আগবঢ়াই বি জে পি দলক ক্ষুৰধাৰ সমালোচনা কৰি একপ্ৰকাৰ তুলাধূনা কৰে । উল্লেখযোগ্য এ আই ইউ ডি দলৰ দূৰ্গৰূপে পৰিচিত জলেশ্বৰ সমষ্টিত ভোটাৰ ৰাইজে এইবাৰ আজমলৰ সভাত তেনে সঁহাৰি  জনোৱা পৰিলক্ষিত নহল ।

No comments