Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হোজাইৰ তিনিওটা সমষ্টি আমাৰ দখলত থাকিব,পূৰ্বে মনোনয়ন দাখিলৰ সময়ত ইমান মানুহ দেখা নাই- ৰকিবুল হুছেইন

  কফিল বৰভুঞা,হোজাই ১২ মাৰ্চ : হোজাইৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্য্যলয়ত ৰিটাৰ্নিং বিষয়াৰ হাতত কংগ্ৰেছৰ মহাজোঁটৰ লামডিং সমষ্টিৰ প্ৰাৰ্থী স্ব...


 কফিল বৰভুঞা,হোজাই ১২ মাৰ্চ: হোজাইৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্য্যলয়ত ৰিটাৰ্নিং বিষয়াৰ হাতত কংগ্ৰেছৰ মহাজোঁটৰ লামডিং সমষ্টিৰ প্ৰাৰ্থী স্বপন ক'ৰ আৰু হোজাই সমষ্টিৰ প্ৰাৰ্থী যুৱ নেতা দেৱব্ৰত সাহাই মনোনয়ন পত্ৰ দাখিল কৰে । হোজাইৰ জোৰাপুখুৰীৰ পৰা শংকৰদেৱ নগৰ উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ গেইটলৈকে প্ৰায় এক কি.মি.পথ সমদল কৰি আহি প্ৰাৰ্থীদ্বয়ে মনোনয়ন পত্ৰ দাখিল কৰে৷শোভাযাত্ৰাত ৰাইজৰ লগতে লামডিংৰ প্ৰাৰ্থী - স্বপন ক'ৰ , হোজাইৰ প্ৰাৰ্থী দেৱব্ৰত সাহা আৰু প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে অংশ গ্ৰহণ কৰে । ৰকিবুল হুছেইনে অংশ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কয়- লামডিং,হোজাইত আগতেও আহিছো কিন্তু মনোনয়ন দিৱলৈ অহাৰ সময়তে ইমান মানু্হৰ আনন্দ উচ্ছাহ কেতিয়াও দেখা নাই । হোজাইৰ তিনিওটা সমষ্টিত আমাৰ প্ৰাৰ্থীৰ জয় হ'ব ৷ এইবাৰ মহাজোঁটৰ চৰকাৰ নিশ্চিত বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ৷ লগতে কয়- এইবাৰ লামডিং আৰু হোজাই কংগ্ৰেছেৰ হ'বে । এইবাৰ যমুনামুখত মহাজোঁটৰ প্ৰাৰ্থী ছিৰাজুদ্দিন আজমল আৰু হোজাই-লামডিংত কংগ্ৰেছৰ প্ৰাৰ্থী বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি ৰকিবুল হুছেইনে মন্তব্য কৰে ৷ ইফালে, মনোনয়ন পত্ৰ দাখিল কৰি সাংবাদিকৰ আগত লামডিংৰ প্ৰাৰ্থী স্বপন কৰে কয়- মোৰ জয় নিশ্চিত, মই বিপুল ভোটত জয়ী হম, পূৰ্বেও মই এআিইউডিএফৰ পৰা যেতিয়া বিধায়ক আছিলো ,তেতিয়া যতেষ্ট কাম কৰিছো ৷ আনহাতে, লামডিংৰ বিজেপি প্ৰাৰ্থী শিবু মিশ্ৰই মনোনয়ন দাখিল কৰি ওলাই আহি সাংবাদিকৰ আগত কয়- মই বিপুল ভোটত জিকিম, মোৰ কোনো প্ৰতিদ্বন্দি নাই, সেয়া অহা ২ মেত আপোনালোকে দেখা পাব আৰু চৰকাৰ বিজেপিৰে হব বুলি মন্তব্য কৰে শিবু মিশ্ৰই ৷ ইপিনে, হোজাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দেবু সাহাই মনোনয়ন দাখিল কৰাৰ সময়ত তেওঁক সংঘ দিয়ে ব্লক কংগ্ৰেছৰ সভাপতি নুৰ আহমেদে ৷ দেৱব্ৰবত সাহাই মনোনয়ন দাখিল কৰাৰ পিছত সাংবাদিকৰ আগত কয়- আপোনালোকে দেখিছে মোৰ সৈতে কেবা সহস্ৰাধিক সমৰ্থকক ৰাইজ উলাই আহিছে ৷ মনোনয়ন দাখিল কৰি দেৱব্ৰত সাহা (দেবু) সাংবাদিকৰ আগত কয় - এইবাৰ হোজাইত কংগ্ৰেছ জয়ী হ'ব বুলি মন্তব্য কৰি কয়- ডা: অৰ্ধেন্দু দে'ই বিজেপিত যোগদান কৰা নাই ,বিজেপিয়ে ডা:দে'ৰ বাসভৱনত গৈ উপস্থিত হৈ ডা:দে'ক লগত লে গামোচা পিন্ধাইছিল ৷ ডা: দে কংগ্ৰেছত আছিল আৰু কংগ্ৰেছৰহৈ কাম কৰি যাব বুলি মন্তব্য কৰে প্ৰাৰ্থী দেৱব্ৰত সাহাই ৷

No comments