Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বোকাখাট সমষ্টিত মন্ত্ৰী অতুল বৰাৰ বিশাল ৰেলী কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ। কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক অবৈধ বিবাহ আখ্যা দি ন কন্যা বদৰুদ্দিন আজমলক উজনি অসম ফুৰাবলৈ আহ্বান

গণবাৰ্তা দেৰগাঁও, ১৮ মাৰ্চঃ  নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ ৰাজ্যতে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। পিছ পৰি ৰোৱা নাই বোকাখাট সমষ্টি...


গণবাৰ্তা দেৰগাঁও, ১৮ মাৰ্চঃ  নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ ৰাজ্যতে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। পিছ পৰি ৰোৱা নাই বোকাখাট সমষ্টিও। অসম চৰকাৰৰ কৃষি মন্ত্ৰী, তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাই সমষ্টিটোত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰৰ মন জয় কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজি সমষ্টিটোৰ কেইবাখনো পঞ্চায়তত বিশাল ৰেলী কৰি এক প্ৰকাৰ বিৰুদ্ধীৰ বুকু কম্পমান কৰি তুলিলে।সমষ্টিটোৰ বানাক্ৰান্ত অঞ্চলৰ গোলোংটেমেৰা পঞ্চায়তত উপৰ টেমেৰা, বহিখোৱা, দেবিথান, দুসুতিমুখ পঞ্চায়তৰ কাঞ্চা চাপৰি, মৰঙিয়াল,নামটেমেৰা, উত্তৰ মহুৰা পঞ্চায়তৰ অফলা আৰু বংকোৱালত মাৰাঠান নিৰ্বাচনী প্ৰচাৰ চলাই।এই নিৰ্বাচনী সভা সমুহত মন্ত্ৰী গৰাকীক ঢোলে-ডগৰে উষ্ম আদৰণি জনাই। ষাঠি বছৰে কংগ্ৰেছ চৰকাৰে কৰিব নোৱাৰা কাম মিত্ৰজোঁটৰ চৰকাৰখনে পাছ বছৰতে কৰিবলৈ সক্ষম হোৱা বুলি নিৰ্বাচনী প্ৰচাৰ সভাত বক্তব্য ৰাখে।কেৱল উন্নয়নকে মূল সাৰথি কৰি বানাক্ৰান্ত অঞ্চলটোৰ ৰাষ্টা ঘাট পকী কৰনকে ধৰি কেইবাখনো দলং নিৰ্মাণ কৰি অঞ্চল বাসীৰ যাতায়তৰ ক্ষেত্ৰত এক আমুল পৰিবৰ্তন সাধন কৰিছে। কংগ্ৰেছ চৰকাৰ খনে এই অঞ্চল সমুহৰ ৰাইজক ষাঠি বছৰে কেৱল প্ৰতাৰনা কৰাৰ গুৰুতৰ অভিযোগ কৰে মন্ত্ৰী গৰাকীয়ে। কংগ্ৰেছ দলটোৱে কেৱল ক্ষমতাৰ লোভত পৰি আই এম ডি টি আইনৰ স্ৰষ্টা এআই ইউ ডিএফ দলৰ লগত মিত্ৰতা কৰে। এই মিত্ৰতাক কংগ্ৰেছ আৰু এআইইউডিএফ ৰ অবৈধ বিবাহ হোৱা বুলিও তীৰ্যক মন্তব্য কৰে। ন-কন্যা বদৰুদ্দিন আজমলক উজনি অসম ফুৰাবৰ বাবেও  কংগ্ৰেছ দলটিলৈ আহ্বান জনায় অতুল বৰাই। বিশাল ৰেলী তথা নিৰ্বাচনী সভা সমুহত অতুল বৰাক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক নিমন্ত্ৰিত সদস্য আকাশ ফুকন, এম এম কেৰ জিলা সভাপতি মনেশ্বৰ কুটুম, বিজেপিৰ জিলা উপ-সভানেত্ৰী নিজু লয়িং, জিলা সম্পাদিকা ৰাজশ্ৰী বৰা, ৰাজ্যিক কাৰ্যনিবাহক সদস্য যতীন বৰা আদি বহু কেইজন নেতাই। উল্লেখযোগ্য যে সমষ্টিটোত প্ৰাক্তন বিধায়ক জিতেন গগৈ, কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী প্ৰনৱ দলে, এজেপিৰ ৰেব কান্ত গগৈকে ধৰি মুঠ দহজন বিভিন্ন দলৰ প্ৰাৰ্থীয়ে সমষ্টিটোত নিৰ্বাচনী কুচকাৱাজ চলাই আহিছে। মন কৰিবলগীয়া যে, ভাৰতীয় ট্ৰাইবেল পাৰ্টীৰ প্ৰাৰ্থী ছাইমন তাঁতীয়ে অগপ প্ৰাৰ্থী অতুল বৰাৰ হৈ প্ৰচাৰ অভিযানত নামিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইপিনে ৰাইজৰ দল, আছু আৰু বিভিন্ন দল সংগঠনৰ বহু কেইগৰাকী নেতৃত্বস্থানীয় ব্যক্তিয়ে আনুষ্ঠানিক ভাৱে অগপত যোগদান কৰাৰ কথা নিৰ্বাচনী সভাত ভাষন প্ৰসংগত উল্লেখ কৰে। ৯৩নং বোকাখাট সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়োৱা বিভিন্ন দলৰ প্ৰাৰ্থী সকলে নিজ নিজ প্ৰচাৰ অভিযান ব্যাপক ৰূপত চলাইছে যদিও মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাৰ নামটো সৰ্বস্তৰতে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে।


No comments