Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অল ইণ্ডিয়া গ্ৰামীণ ক্ৰিকেট লীগৰ নৱনিৰ্বাচিত অধ্যক্ষ ৰাজুমণি হুছেইনক দেৰগাঁৱত উষ্ম আদৰণি

  গণবাৰ্তা দেৰগাঁও, ২৩ মাৰ্চঃ অল ইণ্ডিয়া গ্ৰামীণ ক্ৰিকেট লীগ ,নৰ্থ ইষ্টৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱা ৰাজুমণি হুচেইনক সোমবাৰে দেৰগাঁৱত বিপুল স...

 


গণবাৰ্তা দেৰগাঁও, ২৩ মাৰ্চঃ অল ইণ্ডিয়া গ্ৰামীণ ক্ৰিকেট লীগ ,নৰ্থ ইষ্টৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱা ৰাজুমণি হুচেইনক সোমবাৰে দেৰগাঁৱত বিপুল সম্বৰ্ধনা জনোৱা হয়। দেৰগাঁও নিবাসী,বিশিষ্ট সমাজকৰ্মী তথা ক্ৰীড়া সংগঠকজনে সন্মানীয় এই পদত অধিষ্ঠিত হৈ গৃহাভিমুখে আহি থকাৰ পথত বাদুলীপাৰৰ পৰা বাইক সমদলেৰে আদৰি আনে শুভাকাংক্ষীসকলে।ৰাজ্যিক পৰিবহণ নিগমৰ দেৰগাঁও আস্থানৰ সমীপত ৰাজুমণি হুচেইনক বিভিন্ন সংগঠনে উষ্ম আদৰণি জনাই।সমবেত ৰাইজক উদেশ্যী বক্তব্য ৰাখি তেও কয় যে,এই সন্মান প্ৰাপ্তিয়ে তেঁৱৰ জীৱন ধন্য কৰিলে।অনাগত দিনত নিজৰ জন্মস্থান গোলাঘাট জিলাৰ পৰাই ক্ৰীড়াৰ উৎকৰ্ষ সাধনৰ বাবে প্ৰচেষ্টা চলোৱা হব।ক্ৰীড়াক্ষেত্ৰ খনৰ জৰিয়তে ভৱিষ্যত গঢ়াৰ সুযোগৰ কথা ব্যক্ত কৰি তেও উত্তৰ পূৱ ভাৰতত অসংখ্য ক্ৰীড়া প্ৰতিভা লুকাই থকা বুলি কয় আৰু এই প্ৰতিভা বিকাশৰ বাবে ব্যবস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে।শুভাকাংক্ষীসকলে নৱনিৰ্বাচিত অধ্যক্ষ জনক নগৰৰ মাজেৰে বিভিন্ন শ্লগান দি সমদলেৰে মিলনপুৰস্থিত বাসগৃহলৈকে লৈ যায়।

No comments