Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত শ্ববেবৰাত পালন : মছজিদে মছজিদে দোৱা

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ২৯ মাৰ্চ :  ইছলাম ধৰ্মালম্বীলোকসকলৰ  অন্যতম উৎসৱ শ্ববেবৰাত যোৰহাটতো ইছলাম ধৰ্মালম্বী লোকসকলে  উলহ মালহেৰে পালন কৰে । ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ২৯ মাৰ্চ :  ইছলাম ধৰ্মালম্বীলোকসকলৰ  অন্যতম উৎসৱ শ্ববেবৰাত যোৰহাটতো ইছলাম ধৰ্মালম্বী লোকসকলে  উলহ মালহেৰে পালন কৰে । উল্লেখ্য যে বিগত বৰ্ষত কভিডৰ বাবে এই উৎসৱ ভাল দৰে উদযাপন কৰিব পৰা নাছিল । সেইহে দেওবাৰে সন্ধিয়া যোৰহাট নগৰৰ নতুন বালিবাটৰ ন- মছজিদ,  পুৰণা বালিবাট মছজিদ, গঁড় আলি, চেউনি আলি মছজিদ , জাম্মা মছজিদ ,তৰাজান মছজিকে আদি কৰি নগৰৰ আটাইকেইটা মছজিদত লোকসকলে শ্ববেবৰাতৰ বিশেষ নামাজ আদায় কৰি দোৱা - প্ৰাৰ্থনা কৰে । আৰু নিশা যোৰহাট কবৰস্থানত মৃতকৰ আত্মাৰ সদগতিৰ বাবে দোৱা কৰা দেখা যায় । উল্লেখ্য যে পুৰণা বালিবাট মছজিদত মছজিদৰ ইমাম আলহাজ বিল্লাল আহমেদে ইছলাম ধৰ্মত শ্ববেবৰাতৰ তাৎপৰ্য বিষয়ে ধৰ্মীয় ভাবে বক্তব্য প্ৰদান কৰে আৰু বিশ্ব শান্তিৰ বাবে ৰাজহুৱা ভাবে দোৱা কৰে ।

No comments