Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মৰিগাঁৱত কংগ্ৰেছ ভৱনত তীব্ৰ প্ৰতিবাদ

  বাবু মনি শৰ্মা,  মৰিগাঁও,১ মাৰ্চ : মৰিগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছৰ মিত্ৰজোঁটৰ দল চিপিআইক এৰি দিয়াৰ খবৰ পাই মৰিগাঁও জিলা কংগ্ৰেছে প্ৰতিক...

 


বাবু মনি শৰ্মা, মৰিগাঁও,১ মাৰ্চ: মৰিগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছৰ মিত্ৰজোঁটৰ দল চিপিআইক এৰি দিয়াৰ খবৰ পাই মৰিগাঁও জিলা কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আজি দিনৰ ভাগত মৰিগাঁও কংগ্ৰেছ ভৱনত জিলা কংগ্ৰেছে মৰিগাঁও সমষ্টিটো মহাজোঁট বন্ধনৰ উদ্দেশ্যে চিপিআই দলক এৰি দিয়াটো নিশ্চিত হোৱা ভিতৰুৱা খবৰ পাই কংগ্ৰেছ কৰ্মী সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰি কয় যে- বিগত বিধনসভা নিৰ্বাচন চিপিআই দলৰ প্ৰাৰ্থী মুনিন মহন্তই মাত্ৰ ৩৫২৬ টা ভোট লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জোনজোনালী বৰুৱাই ৫১০৪৬ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে ৮০৬৬৯ টা ভোট লাভ কৰি বিপুল ভোটত জয়ী হৈছিল৷ মৰিগাঁৱৰ কংগ্ৰেছ কৰ্মী সকলে পুনৰ কয় যে- কোনো গণ ভিক্তি  নথকা চিপিআইৰ প্ৰাক্তন বিধায়ক মুনীন মহন্ত মহাজোঁটত চামিল হলেও মৰিগাঁও সমষ্টিটো এৰি দিলে মৰিগাঁও সমষ্টিৰ তিনিটা ব্ল'ক মৰিগাঁও, কপিলী, ভূৰবন্ধা ব্ল'ক কংগ্ৰেছৰ লগতে ৩২ টা মণ্ডল সমিতিৰ নেতা- কৰ্মী সকলে কংগ্ৰেছ ত্যাগ কৰাৰ হুংকাৰ দিয়ে ।লগতে মৰিগাঁৱত কংগ্ৰেছ দলৰ বৃহৎ ক্ষতি হ'ব বুলিও প্ৰদেশ কংগ্ৰেছক সকিয়াই দিয়ে মৰিগাঁৱৰ কংগ্ৰেছ কৰ্মী সকলে। উল্লেখ্য যে- সমষ্টিটোত জোনজোনালী বৰুৱা, ৰমেশ বৰদলৈ, ৰাজীৱ নাথ,প্ৰবিত্ৰ বৰা আৰু ৰুপেশ্বৰ কাকতিয়ে কংগ্ৰেছৰ টিকত বিচাৰি ইতিমধ্যে আবেদন কৰিছে। তাপৰ্যপূৰ্ণ যে মৰিগাঁও সমষ্টিত ইতিপূৰ্বে তিনিবাৰকৈ ১৫ বছৰ কাল একাধাৰে কংগ্ৰেছ প্ৰাৰ্থী জোনজোনালী বৰুৱা জয়ী হৈছিল। এতিয়াও সমষ্টিটোত কংগ্ৰেছৰ সবল স্থিতি থকাৰ পাছতো মহাজোঁট বন্ধনৰ স্বাৰ্থত চিপিআই দলক এৰি দিয়াটো কোনোপধ্যেই সহজভাৱে লব পৰা নাই কংগ্ৰেছ কৰ্মী সকলে। ইয়াৰ পিছতো যদি মৰিগাঁও সমষ্টিটো চিপিআই দলৰ প্ৰাৰ্থীক এৰি দিয়ে তেতিয়াহলে মৰিগাঁৱত কংগ্ৰেছ দলটোত এক অনাহত পৰিস্থিতিৰ হ'ব পৰা পৰিৱেশ প্ৰকট হৈ পৰিছে।

No comments