Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিজেপিয়ে জনজাতিকৰণকলৈ প্ৰতাৰনাৰ ফল ভূগিব; হাতে- হাতে ধনু কাঁড় লৈ আদিবাসীৰ ৰন হুংকাৰ

গণবাৰ্তা বিশেষ,ঢেকীয়াজুলি,১মাৰ্চঃ  বিধান সভা নিৰ্বাচনৰ দিন বাৰ ঘোষণা হোৱাৰ পিছতেই ৰাজনৈতিক দল সমূহৰ লগতে তৎপৰতা বাঢ়িছে একাংশ জাতীয় সংগঠনৰ ৷এ...


গণবাৰ্তা বিশেষ,ঢেকীয়াজুলি,১মাৰ্চঃ 
বিধান সভা নিৰ্বাচনৰ দিন বাৰ ঘোষণা হোৱাৰ পিছতেই ৰাজনৈতিক দল সমূহৰ লগতে তৎপৰতা বাঢ়িছে একাংশ জাতীয় সংগঠনৰ ৷এইবাৰ বিজেপিক নিৰ্বাচনত শলঠেকত পেলাবলৈ সাজো হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা৷ঢেকীয়াজুলিত হাতে- হাতে ধনু কাঁড় লৈ আদিবাসীৰ হুংকাৰ৷আজি ঢেকীয়াজুলিৰ যোৰাদিয়াত আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত গণ হুংকাৰ কাৰ্যসূচীত পাচ সহশ্ৰাধিক আদিবাসী ৰাইজে বিজেপি চৰকাৰে জনজাতিকৰণকলৈ কৰা প্ৰতাৰনাৰ  বিৰুদ্ধে ৰন হুংকাৰ দিলে৷হাতে হাতে বেনাৰ প্লে কাৰ্ড আদিলৈলৈ  শ শ আদিবাসী ৰাইজে এই সমাৱেশত“আমাক জনজাতিকৰণ নিদিয়া পৰ্যন্ত ক্ষান্ত নহও,“জনজাতিকৰণ আমাৰ ন্যায্য দাবী,বিজেপি চৰকাৰ হায়-হায়, আমাক কৰা প্ৰতাৰণাৰ ফল ভূগিব বিজেপিয়ে আদি শ্লোগানেৰে দিলে হুংকাৰ৷ঢেকিয়াজুলিত আদিবাসী ছাত্ৰ সন্থাই বিশাল সমাৱেশ পাতি বিজেপি চৰকাৰক আগন্তক নিৰ্বাচনত উচিত প্ৰত্তূতৰ দিয়াৰ বাবে সংকল্প ল’লে৷ৰাজ্যৰ আদিবাসী সকলৰ জাতীয় ইচ্ছু, সমস্যা সমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দি চূড়ান্ত ভাবে প্ৰতাৰনাৰ অভিযোগ তুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ই ঢেকীয়াজুলিৰ জোৰাদিয়াৰ খেলপথাৰত বিশাল সমাৱেশ পাতি ৰন হুংকাৰ দিলে৷উক্ত সমাৱেশত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগে উদাত্ত কণ্ঠৰে কয়-আদিবাসী ছাত্ৰ সন্থা কোনো ৰাজনৈতিক দল নহয়৷

তথাপিও জাতীয় স্বাৰ্থত আদিবাসী ছাত্ৰ সন্থাই কেইবাটাও সমষ্টিত দিব প্ৰাৰ্থীত্ব৷ৰাইজে যদি বিচাৰে জাতিৰ স্বাৰ্থত মইয়ো নিৰ্বাচনত অৱতীৰ্ণ হবলৈ প্ৰস্তূত৷অসমৰ যিকোনো এটা সমষ্টিত প্ৰতিদ্বন্দ্বীতা কৰাৰ সম্ভাৱনা আছে৷বিজেপিক আমি এইবাৰ সমৰ্থন নকৰো৷কিয়নো বিজেপিয়ে আদিবাসী সকলক প্ৰতাৰনা কৰিলে৷২০১৬ চনত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল অসমত বিজেপিৰ চৰকাৰ গঠনৰ হ’লে তিনিমাহৰ ভিতৰত আদিবাসী সকলক জনজাতিকৰণ দিব ৷কিন্তু বিগত পাচ বছৰে জনজাতিকৰণৰ নামত চূড়ান্ত প্ৰতাৰনা কৰিলে আদিবাসী সকলক৷ইপিনে আগন্তক নিৰ্বাচনত আদিবাসী ছাত্ৰ সন্থাই কোনো আঞ্চলিক ৰাজনৈতিক দলক সমৰ্থন কৰিব নেকি সেই প্ৰসংগত সংগঠনটোৰ সভাপতি প্ৰদীপ নাগে কয়-আঞ্চলিক দলক আমি সন্মান কৰো৷তেখেত সকলে জাতীয় স্বাৰ্থত ওলাই আহিছে৷তেখেত সকলৰ প্ৰতি আমাৰ মৰম চেনেহ সদায় থাকিব কিন্তু ইচ্ছু ভিত্তিত আলোচনা কৰাৰ পিছতহে সমৰ্থন আগবঢ়াব৷ইপিনে জনজাতিকৰণ প্ৰসংগত আছাৰ সভাপতি প্ৰদীপ নাগে পুনৰ সৰৱ হৈ কয়-যেতিয়ালৈকে আদিবাসী সকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদান নকৰে তেতিয়ালৈকে আমাৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব৷কংগ্ৰেছে যেনেদৰে ৰাজ্যৰ আদিবাসী সকলক বছৰ বছৰ ধৰি প্ৰতাৰনা কৰিলে ঠিক একেই নীতিৰে বিজেপিয়ে ২০১৬চনত চৰকাৰ গঠন কৰিলে আদিবাসী সকলক জনজাতিকৰণৰ মৰ্যদা দিব বুলি প্ৰতিশ্ৰুতি দিয়ো প্ৰতাৰনা কৰিলে৷সেইয়ে এইবাৰ আদিবাসী সকলে সিদ্ধান্ত লৈছে বিজেপিক উচিত শিক্ষা দিয়াৰ৷উক্ত প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন শ্লোগানৰে আকাশ বতাহ কপালে ঢেকীয়াজুলি৷উক্ত সভাত আছাৰ সাধাৰন সম্পাদক যোছেফ মিঞ্জয়ে বিজেপি দলক প্ৰতাৰক আখ্যা দি আগন্তক নিৰ্বাচনত আদিবাসীয়ে ৰাইজে বিজেপিক প্ৰত্যাখ্যান কৰিব বুলি নিজৰ বক্তব্যত প্ৰকাশ কৰি কয়-জনজাতিকৰণ আমাৰ প্ৰাপ্য অধিকাৰ৷জনজাতিকৰণ দাবীকলৈ আমি আপোচ নকৰো বুলি উল্লেখ কৰে৷ইপিনে উক্ত সভাত আছাৰ যুটীয়া সম্পাদক নোৱাছ বাৰ্লা,শোণিতপুৰ জিলা সমিতিৰ সভাপতি অমৰজিৎ কেৰ্কেটা,উপসভাপতি নাৰায়ন সিং গোড়ে ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘালক সমালোচনা কৰি বিধায়ক অশোক সিংঘালে আদিবাসী সকলৰ কোনো ধৰনৰ কাম নকৰাৰ অভিযোগ তোলে৷আগন্তক নিৰ্বাচনত যদিহে ঢেকিয়াজুলি সমষ্টিত অশোক সিংঘালে পুনৰ প্ৰাৰ্থীত্ব লাভ কৰে তেনেহ’লে আছাই প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ দিয়ে৷এতিয়া সময়েহে কব আদিবাসী ছাত্ৰ সন্থাৰ আহবানে আগন্তক নিৰ্বাচনত আদিবাসী ৰাইজে কেনেকৈ আদৰি লব বা প্ৰভাব পৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যনীয় হব৷

No comments