Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ হেম বুঢ়াগোহাঞিৰ ৮৫ সংখ্যক ওপজা দিন উদযাপন

গণবাৰ্তা, বেতবাৰী, ১০ মাৰ্চ : শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু বেতবাৰী শাখা সাহিত্য সভাৰ সহযোগত আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগ...


গণবাৰ্তা, বেতবাৰী, ১০ মাৰ্চ : শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু বেতবাৰী শাখা সাহিত্য সভাৰ সহযোগত আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ হেম বুঢ়াগোহাঁইৰ ৮৫ সংখ্যক ওপজা দিন প্ৰগতি শিল্পী সংঘৰ প্ৰেক্ষাগৃহত উদযাপন কৰে । মুকলি সভাৰ পূৰ্বে হেম বুঢ়াগোহাঁইৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰি শিক্ষাবিদ, সাহিত্যিক ড° ক্ষীৰোদ গগৈয়ে হেম বুঢ়াগোহাঁইৰ জীৱনাদৰ্শ সম্পৰ্কে সাৰুৱা ভাষণ প্ৰদান কৰে। শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগ গগৈৰ পৰিচালনাত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰি প্ৰবীণ সাংবাদিক, সাহিত্যিক ৰতিকান্ত বড়াই হেম বুঢ়াগোহাঁইৰ সাহিত্যৰাজিৰ সম্পৰ্কে ভাষণ প্ৰদান কৰে। আদৰণি ভাষণ প্ৰদান কৰে বেতবাৰী শাখা সাহিত্য সভাৰ সভাপতি গোলাপ বুঢ়াগোহাঁইয়ে। নিৰ্দিষ্ট বক্তাৰ ভাষণত বিশিষ্ট কবি - সাহিত্যিক প্ৰেম গগৈয়ে হেম বুঢ়াগোহাঁইৰ মনোমহা ব্যক্তিত্ব , সাহিত্য ৰাজিৰ সম্পৰ্কে  সাৱলীল ভাষণ প্ৰদান কৰে। ইয়াৰ পাছত শিৱসাগৰ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক মনোজ কুমাৰ গগৈয়ে ভাষণ প্ৰদান কৰি বেতবাৰী শাখা সাহিত্য সভাৰ বিষয়-ববীয়া আৰু কৰ্মকৰ্তা সকলক ধন্যবাদ জ্ঞাপন কৰে। সভাৰ পূৰ্বে বেতবাৰী শাখা সাহিত্য সভাৰ সম্পাদক ৰঞ্জন কোঁৱৰে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জ্ঞাপন কৰে। শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্তই আঁত ধৰা  সভাখনত অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰা প্ৰমোদ দিহিঙীয়া আৰু শিল্পী প্ৰবীণ হাজৰিকাক  বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। কৃতী শিক্ষয়িত্ৰী , লেখিকা তথা সাহিত্য সভাৰ সক্ৰিয় কৰ্মী  সত্যপ্ৰভা বুঢ়াগোহাঁই গগৈয়ে আঁত ধৰা সভাত ধৰিত্ৰী চেতিয়াই বৰগীত, ইন্দু গগৈ , পৰেশ হাতীমূৰীয়া , ৰিদিপ বৰুৱা , চেহনাজ ৰহমান আৰু শিখামণি চাহুৱে কবিতা আবৃত্তি,দৃষ্টি প্ৰিয়া দিহিঙীয়া আৰু বিনু চাংমাইয়ে লোকগীত , সত্যেন বৰপাত্ৰ গোঁহাইয়ে টোকাৰী গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।

No comments