Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

২ মে'ৰ পিচত হাগ্ৰামাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব: হিমন্ত বিশ্ব শৰ্মা

গণ বাৰ্তা,মুছলপুৰ,৩১ মাৰ্চ : "অহা ২ মে'ৰ পিছত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব ৷" এই মন্তব্য মন্ত্ৰী ড° হিমন্ত...


গণ বাৰ্তা,মুছলপুৰ,৩১ মাৰ্চ
: "অহা ২ মে'ৰ পিছত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব ৷" এই মন্তব্য মন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ ৷ অহা ৬ এপ্ৰিলত অনুষ্ঠিতব্য তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে চাপাগুৰি সমষ্টিৰ জালাহত মিত্ৰজোঁটৰ প্ৰাৰ্থী ইউজি ব্ৰহ্মৰ হৈ এক নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে এইদৰে কয় ৷ হিমন্ত বিশ্ব শৰ্মাই অহা ২ মে'ৰ পিছত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে ব্যবস্থা ল'ব বুলি হুংকাৰ দি কয় যে কোনো কাৰণতে বিটিআৰত সংঘৰ্ষ সৃষ্টি কৰিবলৈ দিয়া নহব । কোনোবাই যদি পুনৰ সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰে তেন্তে কাকো ৰেহাই দিয়া নহব ৷ ২ মে'ৰ পিচতেই হাগ্ৰামাৰ নাঙল যাব মিউজিয়ামত আৰু আজমলৰ তলা-চাবিৰে তলা মাৰি থব আৰু প্ৰমোদ বড়োৰ ট্ৰেক্টৰ দিছপুৰত সোমাব বুলি কয় । ভাষণত বদৰুদ্দিন আজমল আৰু হাগ্ৰামা মহিলাৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী গৰাকীয়ে বদৰুদ্দিন আজমলে মহিলা সকলক সন্তান জন্ম দিয়া ফেক্টৰী কৰিব বিচৰা কাৰ্যকো ধিক্কাৰ দি কয় যে বিজেপিয়ে মহিলা সৱলীকৰণৰ কাম কৰিছে আৰু মহাজোঁটৰ চৰকাৰ হলে ৰাজ্যৰ মহিলাসকলক বদৰুদ্দিন আজমলে সন্তান জন্ম দিয়া ফেক্টৰী সজাব, সেয়েহে মহিলাসকল আজমলৰ পৰা আঁতৰি থকা উচিত ৷ গতিকে ৰাইজে কাক আদৰি লব মোডীক নে আজমলক ৷ তেওঁ কয় যে যদি মহাজোঁটৰ নেতৃত্বত চৰকাৰ গঠন হয় তেন্তে চৰকাৰৰ তলা-চাবি হেনো আজমলৰ হাতত থাকিব ৷ তেওঁ কয় যে যদিহে চৰকাৰ বনোৱা তলা-চাবি আজমলৰ হাতত থাকে তেন্তে হাগ্ৰামা মহিলাৰী আৰু ৰিপুণ বৰা ক'ত থাকিব । যি গৰাকী হাগ্ৰামাই মোক বিভিন্ন সময়ত সমালোচনা কৰি আহিছে সেই হাগ্ৰামাই কিয় আজমলৰ কথাৰ প্ৰত্যুত্তৰ দিব পৰা নাই কিয় বুলি প্ৰশ্ন কৰে মন্ত্ৰী গৰাকীয়ে । সভাত ভাষন প্ৰদান কৰি হিমন্ত বিশ্ব শৰ্মাই বিটিচিত প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদে জনসাধাৰণৰ বাবে বহু উন্নয়ণমূলক আঁচনি গ্ৰহণ কৰা বুলি জানিব দি কয় যে কেন্দ্ৰত বিজেপি চৰকাৰ আছে, গতিকে ৰাজ্য আৰু পৰিষদতো যদি বিজেপি, ইউপিপিএল মিত্ৰজোঁটৰ চৰকাৰ থাকে তেন্তে অঞ্চলটোৰ উন্নয়ণ অধিক তৰান্বিত হব ৷ সেয়ে বিটিআৰতো মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল জয়ী হলে অধিক কাম কৰিব পাৰিব ৷ মন্ত্ৰী শৰ্মাই কয় যে বিগত সোতৰ বছৰত বিপিএফ দলৰ পৰিষদে যি কৰিব পৰা নাছিল সেয়া দুমাহতে প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদে কৰি দেখুৱাইছে ৷ ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰিছে ৷ ভাষা, সংস্কৃতিক গুৰুত্ব দি এখন সমন্বয়ৰ বিটিআৰ গঠনত ব্ৰতী হৈছে ৷ তেওঁ কয় যে চাপাগুৰি সমষ্টিৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্ম জয়ী হলে তেওঁক চৰকাৰৰ মন্ত্ৰীত্ব প্ৰদান কৰিব ৷ ফলত চাপাগুৰিৰ চেহেৰাই সলনি হৈ যাব ৷ মন্ত্ৰী গৰাকীয়ে বিপিএফৰ প্ৰাৰ্থী হিতেশ বসুমতাৰীক গাখীৰ নোহোৱা গৰু বুলি আখ্যা দি কয় যে গাখীৰ নোহোৱা গৰুৰ প্ৰয়োজন নাই ৷ গাখীৰ থকা গৰুক হে আকোৱালি লব লাগে ৷ সেয়ে ইউ জি ব্ৰহ্মক বিপুল ভোটত জয়ী কৰাব লাগে ৷ হাগ্ৰামাই আজমলৰ লগ লাগিলেও কোনো কামত নাহে ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰী সকলক স্কুটী দিয়াৰ দৰে ছাত্ৰ সকলকো গেৰুৱা ৰঙৰ বাইক উপহাৰ দিব বুলি জানিব দি কয় যে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হলে এটা বছৰৰ ভিতৰত ৰাজ্য খনৰ ১ লাখ নিবনুৱাক বিভিন্ন বিভাগত চাকৰি দিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ তেওঁ কয় যে চাকৰি লাভ কৰাৰ ক্ষেত্ৰত কোনেও এটকাও দিব নালাগে ৷ আনকি প্ৰাৰ্থীসকলক মই মিঠাই খুৱাই পঠাম ৷ মুছলপুৰ জিলা ইউ পি পি এলৰ সম্পাদক দয়াল শৰণীয়াই আঁতধৰা সভাখনত মিত্ৰজোঁটৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্ম, বিজেপি নেতা ৰাম অৱতাৰ, কুমুদ দাস, বিটিচিৰ কাৰ্যবাহী সদস্যদ্বয় ৰাকেশ ব্ৰহ্ম আৰু ঘনশ্যাম দাসকে ধৰি কেবাজনো নেতা উপস্থিত আছিল ৷

No comments