Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাইজৰ দলে ঘোষণা কৰিলে ১৭ জনীয়া প্ৰাৰ্থীৰ তালিকা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ মাৰ্চ ঃ দিছপুৰত ২০২১ চনত গঠন হ’ব ‘কা’বিৰোধী চৰকাৰ। বিজেপিক প্ৰতিহত কৰাৰ বাবে ৰাইজৰ দলৰ দলীয় সাংগঠনিক ভেটি থকাৰ ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ মাৰ্চ ঃ দিছপুৰত ২০২১ চনত গঠন হ’ব ‘কা’বিৰোধী চৰকাৰ। বিজেপিক প্ৰতিহত কৰাৰ বাবে ৰাইজৰ দলৰ দলীয় সাংগঠনিক ভেটি থকাৰ পিছতো কেৱল ১৮টা সমষ্টিতহে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ৰাইজৰ দলে চৰম ত্যাগ স্বীকাৰ কৰিছে বুলি উল্লেখ কৰি আজি সংবাদমেলত ১৭জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰে সভাপতিমণ্ডলীৰ সদস্য ভাস্ক’ ডি শইকীয়াই। উল্লেখ্য যে ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক দল গঠনৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজৰ দল গঠন কৰিছিল আৰু অখিল গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিছিল। সংবাদমেলত ভাস্ক’ ডি শইকীয়াই কয় যে  প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিৰ ভিতৰত ১২টা সমষ্টিতহে প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৩৯টা সমষ্টিৰ নিৰ্বাচনত কেৱল ৬টাতহে প্ৰাৰ্থিত্ব প্ৰদান কৰিব।

 বিজেপিবিৰোধী ভোট যাতে বিভাজিত নহয় আৰু ইয়াৰ সুবিধা যাতে বিজেপিয়ে লাভ কৰিব তাৰ বাবে ৰাইজৰ দলে এই ত্যাগৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে। আজি কৰা ঘোষণা অনুসৰি ৰাইজৰ দলৰ হৈ বিহপুৰীয়াত অনুপ শইকীয়া, টীয়কত পবিন্দ্ৰ চেতিয়া ফুকন, শিৱসাগৰত অখিল গগৈ, চাবুৱাত দীপনজ্যোতি ফুকন, ধিঙত মেহবুব মোক্তাৰ, মৰাণত মোহিনী মোহন লিগিৰা, মাহমৰাত লোহিত গগৈ, বোকাখাতত জীৱন বৰা, কমলপুৰত জিতুল ডেকা, ৰূপহীহাটত নজৰুল ইছলাম, তেজপুৰত অকল নাথ, ৰহাত ৰুবুল দাস, ৰঙাপাৰাত বিজয় তিৰ্কী, ৰঙিয়াত হৰেশ্বৰ বৰ্মন, উত্তৰ কৰিমগঞ্জত চাহাবুল ইছলাম চৌধুৰী, দলগাঁৱত অমৰ আলী, যমুনামুখত দিলোৱাৰা বেগমক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ইপিনে, আজি প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত ৰাইজৰ দল আৰু এজেপিৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত কিছু পোহৰলৈ আহিছে। বহুকেইটা সমষ্টিত এজেপি আৰু ৰাইজৰ দলৰ মিত্ৰজোঁটে বন্বুূত্বসুলভ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। তেজপুৰ, ৰহা, মৰাণ আৰু মাহমৰাত দুয়োটা দলে বন্বুূত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি স্পষ্টৰূপে ধৰা পৰিছে।

No comments