Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দুধনৈত উপস্থিত হৈয়ে কংগ্ৰেছ প্ৰাৰ্থী যাদব স্বৰ্গীয়াৰীৰ হুংকাৰ “কা” আমি নামানো

  গণবাৰ্তা, দুধনৈ, ১৭ মাৰ্চ:  বহু প্ৰতীক্ষা আৰু জল্পনা কল্পনাৰ শেষত কংগ্ৰেছৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকাত ৩৬ নং দুধনৈ জনজাতি বিধানসভা সমষ্টিৰ ব...


 গণবাৰ্তা, দুধনৈ, ১৭ মাৰ্চ: বহু প্ৰতীক্ষা আৰু জল্পনা কল্পনাৰ শেষত কংগ্ৰেছৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকাত ৩৬ নং দুধনৈ জনজাতি বিধানসভা সমষ্টিৰ বাবে নতুন মুখৰ যুৱ কংগ্ৰেছ নেতা যাদব স্বৰ্গীয়াৰীৰ নাম ঘোষণা হোৱাৰ লগে লগে দুধনৈ সমষ্টিৰ কংগ্ৰেছ কৰ্মী তথা সমৰ্থক সকল উৎফুল্লিত হৈ পৰে ৷ ইতিমধ্যে কংগ্ৰেছ দলে এইবাৰ দুধনৈ সমষ্টিটো যিকোনো প্ৰকাৰে দখল কৰাৰ হুংকাৰ দিছে এপিচিচিৰ সম্পাদক ৰকিবুল হুছেইন আৰু সাংসদ গৌৰব গগৈয়ে৷ যোৱা নিশা দুধনৈ সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পিচত আজি যাদৱ স্বৰ্গীয়াৰীয়ে দুধনৈ ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হোৱাত ভিন্ন জাতি-জনগোষ্ঠীৰ লোক সকলে একত্ৰিত হৈ কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীক ফুল ছটিয়াই "যাদৱ স্বৰ্গীয়াৰী জিন্দাবাদ","কা আমি নামানো","কংগ্ৰেছ জিকিবই" ইত্যাদি শ্লোগান দি দুধনৈৰ পৰিবেশ উত্তাল কৰে। ইপিনে কংগ্ৰেছ কাৰ্যালয়ত সাংবাদিকৰে হোৱা বাৰ্তালাপত যাদব স্বৰ্গীয়াৰীয়ে দুধনৈ বিধান সভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰূপে তেওঁৰ নামটো ঘোষণা কৰা বাবে কংগ্ৰেছ হাইকমাণ্ডক কৃতজ্ঞতা জনোৱাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে, বিজেপি আৰু মিত্ৰযোঁট যৌথ সংগ্ৰাম সমিতি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি৷ দুধনৈ সমষ্টিত বিগত পাঁচটা বছৰে বিজেপি আৰু মিত্ৰজোঁট যৌথ সংগ্ৰাম সমিতিয়ে লগ হৈ দুৰ্নীতিৰ পাহাৰ গঢ়িছে৷ এই দুৰ্নীতিৰ অৱসান বিচাৰি দুূুুধনৈ সমষ্টিবাসী ৰাইজে এইবাৰ কংগ্ৰেছক আঁকোৱালি লব। প্ৰাৰ্থী গৰাকীয়ে লগতে কয় যে বিজেপিৰ শাসন কালত দুধনৈ সমষ্টিৰ মানুহ সুৰক্ষিত অনুভৱ কৰা নাই। আকৌ বিজেপি আহিলে এই সমষ্টিটো অধঃপতনে যাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। এই দুধনৈ সমষ্টিৰ ভিতৰতে আছে ৰাভা হাছঙৰ ৰাজধানী৷ তাৰ পিচতো কিন্তু সমষ্টিটোৰ ভিতৰুৱা অঞ্চলবোৰত এতিয়াও উন্নয়ন হোৱা নাই৷ আজি কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীক কংগ্ৰেছৰ বহু সমৰ্থকে ধূপধৰাৰ পৰাই দুধনৈলৈ আদৰি আনে। দুধনৈস্থিত কংগ্ৰেছ কাৰ্যালয়ৰ পৰা কেইবাশ কৰ্মী সমৰ্থকক লগত লৈ পদযাত্ৰা কৰি উপেন্দ্ৰনাথ ব্ৰহ্ম সাংস্কৃতিক ভবনত উপস্থিত হয়। তাত উপস্থিত হোৱাৰ লগে লগে মাডল চিফুঙৰ তালে তালে আনন্দত আত্মহাৰা হৈ পৰে পুৰুষ মহিলি সমৰ্থক সকল ৷ বিভিন্নজনে প্ৰাৰ্থী গৰাকীক সম্বৰ্ধনাও জনায়। 

No comments