Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিশাল জনসভাত ৰঞ্জিত দাস, পিয়ুষ হাজৰিকাৰ উপস্থিতত কেবাটাও জাতীয় সংগঠনৰ নেতাৰ বিজেপিত যোগদান

গণ বাৰ্তা বৰপথাৰ, ৮ মাৰ্চ:   ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ । ব্যতিক্ৰম নহয় ৯৪ নং সৰুপথাৰ বিধানসভা সমষ্টি । আজি বিজেপিৰ দলীয় সমৰ্থকৰ উপস্...


গণ বাৰ্তা বৰপথাৰ, ৮ মাৰ্চ:
  ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ । ব্যতিক্ৰম নহয় ৯৪ নং সৰুপথাৰ বিধানসভা সমষ্টি । আজি বিজেপিৰ দলীয় সমৰ্থকৰ উপস্থিতত জনসমুদ্ৰত পৰিণত হ'ল সৰুপথাৰ। ভাৰতীয় জনতা পাৰ্টীৰ হাজাৰ হাজাৰ শুভাকাংক্ষীৰ লগতে দলীয় কৰ্মীয়ে ভৰি পৰিল সৰুপথাৰ নগৰৰ মাজমজিয়া । পুৱা ১০  বজাত বিজেপি দলৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনক মটৰ চাইকেলৰ এক সু বিশাল বিশাল ৰেলীৰে বিজেপিৰ কাৰ্যালয়লৈ আদৰি আনে। পিছত মিত্ৰযোত অসম গণ পৰিষদৰ জেষ্ঠ নেতা বিনোদ গোৱালা আৰু সকলো দলীয় কৰ্মীৰ সৈতে মহকুমাধিপতিৰ কাৰ্যালয়লৈ খোজেৰে গৈ মনোনয়ন পত্ৰ দাখিল কৰে। ইফালে বিশেষ ভাৱে সহযোগ কৰে মন্ত্ৰী পিযুস হাজৰিকাই। লক্ষ্যণীয় যে বিজেপি দলীয় কৰ্মীৰ আনন্দ উল্লাখে নিৰ্বাচনত জয় লাভ কৰাৰে স্পষ্ট ইংগীত প্ৰদান কৰিছে। মনোনয়ন দাখিল কৰাৰ সময়ত  বিশ্বজিৎ ফুকনে কয় যে সৰুপথাৰ সমষ্টিৰ সৰ্বাঙ্গীণ উন্নয়নেই মোৰ প্ৰথম লক্ষ্য । বিধায়কৰ দৰমহাপূঁজিৰ সকলো ধন ৰাইজৰ উন্নয়নৰ স্বাৰ্থত খৰচ কৰিব বুলি কয় । লগতে মন্ত্ৰী পিযুষ হাজৰিকাই সৰুপথাৰত বিজেপিৰ জনসমাগম দেখি কয় এইবাৰ সৰুপথাৰত বিজেপিক কোনেও ৰুধিব নোৱাৰে বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে । ইফালে সৰুপথাৰৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত বিশাল জনসভাত ভাগ লয় বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে মন্ত্ৰী পিযুষ হাজৰিকাই ।     ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি গোলাঘাট জিলাৰ আছুৰ উপ সভাপতি ৰিণ্টু ডেকা, নাওজান আছুৰ প্ৰাক্তন নেতাৰ লগতে বঙালী যুৱ ছাত্ৰ পৰিষদৰ কেইবাজনো নেতাকৰ্মীয়ে যোগদান কৰে ।  


No comments