Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

এইবাৰ মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত : গৌৰৱ গগৈ

  গণ বাৰ্তা, নেপালী বজাৰ , ২৭ মাৰ্চ: দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ লৈ মাত্ৰ চাৰিটা দিন বাকী । তুংগত উঠিছে বিভিন্ন ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী ...


 গণ বাৰ্তা, নেপালী বজাৰ , ২৭ মাৰ্চ: দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ লৈ মাত্ৰ চাৰিটা দিন বাকী । তুংগত উঠিছে বিভিন্ন ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী প্ৰচাৰ । ক্ৰমাত গৰম হৈ পৰিছে দলগাৱৰ ৰাজনৈতিক বতাহ । দৰঙৰ দলগাওঁ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ইলিয়াছ আলীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নেপালী বজাৰত উপস্থিত হয় কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ । শুক্ৰবাৰে সন্ধিয়া সমষ্টি খনৰ নেপালী বজাৰৰ সভাত ভাষণ প্ৰসংগত গৌৰৱ গগৈয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । মূল্য বৃদ্ধি সন্দৰ্ভতো চোকা সমালোচনা কৰে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক । গগৈয়ে কয় - শিক্ষা , স্বাস্থ্য , বান পানী , গৰাখহনীয়া , ৰাস্তা ঘাট , দলং আদি বহুত কাম কৰিবলৈ আছে । উল্লেখযোগ্য যে পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসমক লৈ যি সপোন দেখিছিল সেই সপোন আধৰুৱা হৈ আছে । এটা এটাকৈ সেই আধৰুৱা সপোন পুৰণ কৰিব বুলি ভাষণত উল্লেখ কৰে । এইবাৰ মহাজোটৰ চৰকাৰ হোৱাটো নিশ্চিত । কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত । দলগাওঁ সমষ্টিৰ পৰা ইলিয়াছ আলীয়ে চতুৰ্থ বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাটো নিশ্চিত বুলি ভাষণ প্ৰদান কৰে । গগৈয়ে লগতে কয় - মহাজোটৰ চৰকাৰ হ'লে ইলিয়াছ আলীক উপযুক্ত স্থান দিয়া হ'ব । ইলিয়াছ আলী জয়ী হ'লে পোন প্ৰথমে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰিব । হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে বিজেপিক টাটা বাই বাই কব তাৰ পিছত ক্ষমতা বিচাৰি ইলিয়াছ আলীৰ ওচৰলৈ আহিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে । স্মৰ্তব্য যে চতুৰ্থ বাৰৰ বাবে ইলিয়াছ আলীয়ে বিধায়ক হিচাপে নিৰ্বাচিত হ'ব পাৰে নে নাই সেয়া ফলাফলত লক্ষ্যণীয় হ'ব ।

No comments