গণ বাৰ্তা, ডিব্ৰুগড়, ১৬ মাৰ্চঃ ডিব্ৰুগড়ত অগপ-বিজেপিত বৃহৎ খহনীয়া। লাহোৱালৰ মোহনবাৰীত কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ অনুষ্ঠিত এক নিৰ্বাচন...
গণ বাৰ্তা, ডিব্ৰুগড়, ১৬ মাৰ্চঃ ডিব্ৰুগড়ত অগপ-বিজেপিত বৃহৎ খহনীয়া। লাহোৱালৰ মোহনবাৰীত কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ অনুষ্ঠিত এক নিৰ্বাচনী সভাত অৰ্ধশতাধিক অগপ-বিজেপি কৰ্মীৰ যোগদান কংগ্ৰেছত। সাংসদ তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৌৰৱ গগৈৰ উপস্থিতিতে আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে লাহোৱালৰ অগপ-বিজেপি কৰ্মীৰ উপৰি আমছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মীৰ। নিৰ্বাচনী সভাত বিজেপিক কঠোৰ সমালোচনা সাংসদ গগৈৰ। বিজেপিক বিশ্বাসঘাটক আখ্যা দি গগৈয়ে পাঁচ বছৰে ছয় জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদা দিব নোৱাৰাক লৈয়ো ক্ষোভ প্ৰকাশ কৰে। আনহাতে কংগ্ৰেছে সকলো জনগোষ্ঠীৰ নিৰাপত্তা দিব বুলি উল্লেখ কৰি CAA আন্দোলনত শ্বহীদ হোৱা পাঁচজন শ্বহীদৰ ত্যাগক অথলে যাবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰিছে। নিজৰ ভাষণত সাংসদ গগৈয়ে কয়, কংগ্ৰেছৰ চৰকাৰ আহিলে আমাৰ প্ৰথম চৰ্তটোৱেই হ'ব CAA বাতিল কৰা। বিজেপি চৰকাৰে যোৱা বছৰত নিবনুৱা সমস্যা সমাধানত গুৰুত্ব নিদিলে। এবছৰত পাঁচ লাখ নিবনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে পাঁচ বছৰত এক লাখো নিবনুৱাক সংস্থাপন দিব নোৱাৰিলে। গতিকে কংগ্ৰেছ চৰকাৰ আহিলে পাঁচ লাখ নিবনুৱাক সংস্থাপন দিয়াৰ গেৰান্টি দিছে। কংগ্ৰেছ চৰকাৰ আহিলে মাইক্ৰফাইনেন্সৰ ঋণ মাফ কৰি দিব। আগৰ দৰে পুনৰ মহিলাসকলে লাভ কৰিব বিনামূলীয়া সূতা। গৃহিনীসকলে প্ৰতিমাহে লাভ কৰিব দুই হাজাৰ টকাকৈ।
No comments