Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব অখিল গগৈ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ মাৰ্চ ঃ বিধানসভা নিৰ্বাচনত কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অখিল গগৈয়ে, তাক লৈ ৰাইজৰ মাজত উৎকণ্ঠা অব্যাহ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ মাৰ্চ ঃ বিধানসভা নিৰ্বাচনত কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অখিল গগৈয়ে, তাক লৈ ৰাইজৰ মাজত উৎকণ্ঠা অব্যাহত থকাৰ সময়তে আজি সিদ্ধান্ত চূড়ান্ত হ’ল যে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বী আগবঢ়াব। ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অখিল গগৈয়ে। অখিল গগৈৰ হৈ কৃষক নেতা ধৈৰ্য কোঁৱৰে শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ পৰা মনোনয়ন-পত্ৰ সংগ্ৰহ কৰিলে। ইয়াৰ লগে লগে শিৱসাগৰ বিধানসভা সমষ্টিত অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো স্পষ্ট হৈ পৰে।

 মনোনয়ন-পত্ৰ সংগ্ৰহ কৰি ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতা ধৈৰ্য কোঁৱৰে কয়— ‘মনোনয়ন-পত্ৰ সংগ্ৰহ কৰা হৈছে যেতিয়া অখিল গগৈয়ে এই সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত। ৰাইজৰ আশা আৰু উৎসাহত অখিল গগৈ শিৱসাগৰৰ বিধায়ক ৰূপে নিৰ্বাচিত হ’ব। উল্লেখ্য যে মঙলবাৰে অখিল গগৈয়ে কাৰাগাৰৰ পৰা অসমবাসীলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল আৰু সেই পত্ৰত তেওঁ প্ৰয়োজন হ’লে নিৰ্বাচনত অৱতীৰ্ণ নহয় বুলি ঘোষণা কৰিছিল। লগতে অসমত বিজেপিৰ বিৰুদ্ধে এজন বিৰোধী প্ৰাৰ্থী দিবলৈ আহ্বান জনাইছিল।

No comments