Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিজেপিৰ মিত্ৰদলক প্ৰত্যাহ্বান জনাই ৰহাত কংগ্ৰেছৰ প্ৰাৰ্থী শশীকান্ত দাসৰ বিশাল মনোনয়নৰ ৰেলী

  গণ বাৰ্তা , ৰহা, ১১ মাৰ্চ : বিশাল সমদলেৰে ৰহা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী শশীকান্ত দাসৰ মনোনয়নৰ ৰেলীয়ে বিজেপি মিত্ৰদলক তীব্ৰ ...

 


গণ বাৰ্তা , ৰহা, ১১ মাৰ্চ: বিশাল সমদলেৰে ৰহা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী শশীকান্ত দাসৰ মনোনয়নৰ ৰেলীয়ে বিজেপি মিত্ৰদলক তীব্ৰ প্ৰত্যাহ্বান জনাই । আজি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৰহাৰ ডিমৌৰ নিজা বাসগৃহৰ পৰা সমদল কৰি মনোনয়ন দাখিল কৰিবলৈ যাত্ৰা কৰে। কিন্তু এই মনোনয়নৰ বাবে অহা সমৰ্থকৰ যান বাহনে ডিমৌ চাৰিআলিত চাৰিশাখাযুক্ত ৰাষ্ট্ৰীয় পথত ব্যাপক যানজঁটৰ সৃষ্টি কৰে। প্ৰায় আধাঘণ্টা ধৰি যান- বাহন আৱদ্ধ হৈ পৰে ৰাষ্ট্ৰীয় পথটোত। আনকি এম্বুলেঞ্চো আৱদ্ধ হয়। অৱশ্যে পিছত এম্বুলেঞ্চবোৰ ঘাই পথৰ কাষেত থকা উপপথৰে যাৱলগীয়া হয় । মনোনয়ন পত্ৰ দাখিলৰ প্ৰাকমূহুত্বত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে বিজেপি সমালোচনা কৰি কয় যে বিজেপিে ধৰ্মৰ ভিত্তিত সমাজখন ভাগ ভাগ কৰিছে। এইবাৰ ৰাইজে বিজেপিক উচিত শিক্ষা দিব বুলি মন্তব্য কৰে।যোৱা নিশা প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে কংগ্ৰেছৰ নেতা কৰ্মী সকলে প্ৰাৰ্থী গৰাকীৰ ঘৰলৈ দলে দলে আহি সমদলত অংশগ্ৰহণ কৰে ।বিজেপিৰ মতে কালি বিজেপিৰ ৰেলীত বেছি মানুহ হৈছে ইয়াৰ বিপৰীতে আজি কংগ্ৰেছৰ নেতাকৰ্মীৰ মতে আজিহে কংগ্ৰেছৰ বেছি মানুহ হৈছে । বিজেপিৰ ৰেলীত খিলঞ্জীয়াৰ সংখ্যা বেছি হোৱাৰ পৰিবৰ্তে আজি কংগ্ৰেছৰ ৰেলীত সংখ্যা লঘু লোকৰ ভীৰ পৰিলক্ষিত হয় । 

No comments