Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মুছলপুৰত ইউপিপিএলৰ বিশাল যোগদান সভা; বিপিএফ আৰু জিএছপিৰ প্ৰায় ৩০০ কৰ্মীৰ যোগদান

দীপাংকৰ বৰুৱা,মুছলপুৰ,১১ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল । ব্যতিক্ৰম নহয় প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপ...


দীপাংকৰ বৰুৱা,মুছলপুৰ,১১ মাৰ্চ:
সমাগত বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল । ব্যতিক্ৰম নহয় প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দল ৷ ইতিমধ্যে বাক্সা জিলাৰ ৬৩ নং ছাপাগুৰি বিধানসভা সমষ্টিটোত ইউপিপিএল দলে নিৰ্বাচনী কুছকাৱাজ আৰম্ভ কৰিছে ৷ এই উপলক্ষে আজি সমষ্টিটোৰ অন্তৰ্গত মুছলপুৰত দলটোৱে অনুষ্ঠিত কৰে এক বৃহৎ যোগদান কাৰ্যসূচী ৷ বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, মুছলপুৰ জিলা ইউপিপিএল দলৰ সম্পাদক দয়াল শৰণীয়াৰ উপস্থিতিত বিপিএফ আৰু জিএছপি দলৰ পৰা প্ৰায় ৩০০ জন সদস্যই আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে ৷ যোগদান সভাত উপস্থিত থাকি বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কয় যে আগন্তুক সময়ত বিপিএফৰ স্বেচ্ছাচাৰী শাসন উফৰোৱাৰ বাবে ৰাইজে ইউপিপিএল দলৰ প্ৰতি আকৰ্ষিত হৈ দলেবলে যোগদান কৰিছে । কাৰণ বিগত সোতৰ বছৰে বিপিএফ দলৰ নেতৃত্বত কোনো বিশেষ পৰিৱৰ্তন হোৱা নাছিল ৷ ৰাইজে এতিয়া বুজি উঠিছে যে প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদখনেহে পৰিৱৰ্তন আনিব পাৰিব ৷ সেয়ে সকলোৱে পৰিৱৰ্তন আৰু উন্নয়নৰ স্বাৰ্থত ইউপিপিএলত যোগ দিছে ৷ সমষ্টিটোত চলি থকা প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাট সন্দৰ্ভত তেওঁ কয় যে এইয়া সংঘাট নহয়, এইয়া আবেগ ৷ কৰ্মীৰ দলৰ প্ৰতি যি আবেগ থাকে এই আবেগত নিজৰ দলে প্ৰাৰ্থীত্ব পোৱাটো বিচাৰে ৷ অৱশ্যে দলীয় শীৰ্ষ নেতৃত্বৰ মাজৰ আলোচনাই সকলোৰে মাজত থকা ভয়, সন্দেহ দূৰ কৰিব । কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই অহা ১৫ তাৰিখৰ ভিতৰত দলৰ হাইকমাণ্ডে সম্পূৰ্ণ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব বুলি জানিব দি কয় যে ছাপাগুৰি সমষ্টিত ইউপিপিএল দলে এজন ভাল প্ৰাৰ্থী লাভ কৰিবলৈ সক্ষম হ'ব।

No comments