Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

‘কা’বিৰোধী পৰমানন্দৰ গেৰুৱা বসন

 বিজেপি শাসনলৈ আহে দেশ নিৰ্মাণৰ কাৰণে ঃ ৰণজিৎ দাস ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ মাৰ্চ ঃ প্ৰথমতে অগপ তাৰ পিছত আজি আনুষ্ঠানিকভাৱে বিজেপি। ‘কা’ ...

 বিজেপি শাসনলৈ আহে দেশ নিৰ্মাণৰ কাৰণে ঃ ৰণজিৎ দাস

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ মাৰ্চ ঃ প্ৰথমতে অগপ তাৰ পিছত আজি আনুষ্ঠানিকভাৱে বিজেপি। ‘কা’ আন্দোলনৰ সময়ত ‘কা’ৰ বিৰোধিতা কৰা পৰমানন্দ ৰাজংবশীয়ে আজি হেঙেৰাবাৰীত আনুষ্ঠানিকভাৱে পৰিধান কৰে গেৰুৱা বসন। বিজেপিত যোগদান কৰি পৰমানন্দ ৰাজবংশীয়ে কয় যে তেওঁ বিজেপিত যোগদান কৰিলেও আঞ্চলিকতাবাদী মনোভাব সদায়েই ৰাখিব। ইপিনে, বিজেপিৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত আজি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম গণ পৰিষদৰ অন্যতম জ্যেষ্ঠ নেতা ড০ পৰমান্দ ৰাজবংশীৰ লগতে অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গাৱোলাই আনুষ্ঠানিকভাৱে বিজেপিত যাগেদান কৰে। দলৰ নৱাগত সদস্য দুজনক বিজেপিৰ মজিয়ালৈ উষ্ম আদৰণি জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে কয় যে বিধানসভা নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত দুয়াজেন ব্যক্তিৰ বিজেপিত যোগদানে ভাৰতীয় জনতা পাৰ্টীৰ স্থিতি আৰু অধিক শক্তিশালী কৰি তুলিব।

 ভাষণ প্ৰসংগত ৰাজ্যিক সভাপতিয়ে কয় যে ভাৰতীয় জনতা পাৰ্টী ক্ষমতাৰ কাৰণে শাসনত নাহে, ভাৰতীয় জনতা পাৰ্টী শাসনত আহে দেশ তথা সমাজ নিৰ্মাণৰ কাৰণে। আজিৰ অনুষ্ঠানতে ৰণজিৎ কুমাৰ দাসে দল আৰু ৰাইজৰ স্বাৰ্থত ছিপাঝাৰ সমষ্টিৰ পৰা ড০ পৰমান্দ ৰাজবংশীক ৰাজ্যিক বিজেপিৰ ফালৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা বুলি ঘাষেণা কৰে। বিজেপিত যোগদান কৰি পৰমান্দ ৰাজবংশীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্ব আৰু অসম গণ পৰিষদৰ পাৰস্পৰিক বুজাবুজি, পৰামৰ্শ অনুসৰি একমাত্ৰ মিত্ৰজোঁটৰ লক্ষ্য তথা উদ্দেশ্যক সফল কৰিবলৈ ভাৰতীয় জনতা পাৰ্টীত অংশগ্ৰহণ কৰিছো। নৰেন্দ্ৰ মোদীৰ আদৰ্শ, কৰ্ম দক্ষতাৰ প্ৰতি গভীৰ আস্থা থকা বুলি প্ৰকাশ কৰি পৰমান্দ ৰাজবংশীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতেই উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ জাতীয় জীৱনৰ সমস্যাসমূহৰ সমাধান সম্ভৱ হৈছে। অনুষ্ঠানত বক্তব্য দাঙি ধৰি ৰূপেশ গাৱোলাই কয় যে ভাৰতীয় জনতা পাৰ্টীৰ বৃহৎ পৰিয়ালৰ অংশীদাৰ হ’বলৈ পাই নথৈ আনন্দিত হৈছো।

 তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশত আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ3ায়ক ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ নেতৃত্বত অসমত সৰ্বাংগীন উন্নতি হৈছে তথা উন্নয়নৰ ধাৰা অব্যাহত আছে আৰু সেয়ে ২০২১ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যিক বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে নিশ্চিতভাৱে ১০০ৰো অধিক আসন লাভ কৰি নিজ লক্ষ্যত উপনীত হ’ব। ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে আঁতধৰা আজিৰ যোগদান কাৰ্যসূচীত ৰাজ্যিক বিজেপিৰ উপ-সভাপতি পুলক গোহাঁই, সাংসদ ভুবনেশ্বৰ কলিতা উপস্থিত আছিল।

No comments