Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

উত্তৰ-পশ্চিম যোৰহাটৰ ইপৰীয়া তিনিআলিত মৃতদেহ উদ্ধাৰ,হত্যাৰ সন্দেহ

গণ বাৰ্তা ,পশ্চিম যোৰহাট,২৬ মাৰ্চ:যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী থানাৰ এলেকাভূক্ত উত্তৰ-পশ্চিম যোৰহাটৰ গৰুমৰাৰ ইপৰীয়াত এজন ব্যক্তিৰ মৃতদেহ ২৬ মা...


গণ বাৰ্তা ,পশ্চিম যোৰহাট,২৬ মাৰ্চ:যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী থানাৰ এলেকাভূক্ত উত্তৰ-পশ্চিম যোৰহাটৰ গৰুমৰাৰ ইপৰীয়াত এজন ব্যক্তিৰ মৃতদেহ ২৬ মাৰ্চৰ পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে।ইপৰীয়া তিনিআলিৰ পথৰ কাষতে পৰি থকা মৃতদেহটো ওপৰ গৰুমৰাৰ দিলীপ (মামু)বৰা (৪৫)ৰ বুলি জানিব পৰা গৈছে। দিলীপ বৰা জলসম্পদ বিভাগৰ কৰ্মচাৰী। মাতৃ,পত্নী,দুজন পুত্ৰ,কেইদিনমানৰ পূৰ্বে বিবাহ কাৰ্য সম্পন্ন হোৱা একমাত্ৰ কন্যা-জোঁৱাইসহ আত্মীয়ক তেওঁ এৰি থৈ গৈছে। কি পৰিস্থিতিত ঘৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ আঁতৰৰ  ইপৰীয়া তিনিআলিৰ পথৰ কাষত তেওঁৰ মৃতদেহ উদ্ধাৰ হ'ল সেয়া ৰহস্যৰ আৱৰ্তত। পৰিয়ালৰ লোকে দিলীপ বৰাক কোনো লোকে হত্যা কৰাৰ সন্দেহ কৰিছে।স্থানীয় গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াই দিয়া খবৰৰ ভিত্তিত পুলিবৰ থানাৰ আৰক্ষীয়ে মৃতদেহ প্ৰত্যক্ষ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ প্ৰেৰণৰ লগতে ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে। উল্লেখ্য, দিলীপ বৰাৰ ভাতৃ অসম গণ পৰিষদ দলৰ স্থানীয় পঞ্চায়তৰ ইউনিট সদস্য হয়। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।


No comments