Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দেৰগাঁও সমষ্টিৰ চকলাংটিঙত মিত্ৰজোটৰ বিশাল নিৰ্বাচনী সভা

  গণবাৰ্তা দেৰগাঁও, ২৫ মাৰ্চঃ মিত্ৰজোটৰ প্ৰাৰ্থী ভৱেন্দ্ৰনাথ ভৰালীৰ হৈ নিৰ্বাচিনী প্ৰচাৰত নামিল নেডাৰ আহ্বায়ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দ...

 


গণবাৰ্তা দেৰগাঁও, ২৫ মাৰ্চঃ মিত্ৰজোটৰ প্ৰাৰ্থী ভৱেন্দ্ৰনাথ ভৰালীৰ হৈ নিৰ্বাচিনী প্ৰচাৰত নামিল নেডাৰ আহ্বায়ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দেৰগাঁও সমষ্টিৰ অন্তৰ্গত চকলাংটিঙত দেৰগাঁও সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভবেন্দ্ৰ নাথ ভঁৰালীৰ হৈ প্ৰচাৰ চলাবলৈ আহিল আজি ৰাজ্যৰ প্ৰতাপী নেতা ড০ হিমন্ত বিশ্ব শৰ্মা। আকাশ মাৰ্গেৰে আহি উপস্থিত হোৱা নেতা জনক সহস্ৰ লোকে উস্ম আদৰণি জনাই। সভাত উপস্থিত হৈয়েই ৰাইজক উদ্দেশ্যি কৰা ভাষনত বদৰুদ্দিন আজমলক লৈ সৌচ্চাৰ হৈ পৰে মন্ত্ৰী গৰাকী। কেইবা হাজাৰ অগপ বিজেপি দলীয় কর্মী সমৰ্থকৰ উপস্থিতিত উদাত্ত ভাষণেৰে কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলক তুলা ধুনা দি মিত্ৰজোটৰ প্ৰাৰ্থী গৰাকীক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়। বিগত কাৰ্যকালত বিজেপি দলে ৰূপায়ন কৰা বিভিন্ন আঁচনি সম্পৰ্কটো ভাষণ প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ।ছাত্ৰী সকলক স্কুটি প্ৰদানকে ধৰি বিভিন্ন আঁচনিৰ সফল ৰূপায়ন সন্দৰ্ভতো বক্তব্য প্ৰদান কৰে।আগন্তুক পাছ বছৰত দেৰগাঁও উন্নয়নয়ৰ দায়িত্ব ভৱেন্দ্ৰনাথ ভৰালীৰ লগতে নিজে প্ৰত্যক্ষ ভাৱে জড়িত হৈ দেৰগাঁও খন অসমৰ ভিতৰতে এখন জাকত জিলিকা ঠাই হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী গৰাকীয়ে।সভাত মন্ত্ৰী গৰাকীয়ে পুনৰ মিত্ৰজোঁটৰ চৰকাৰ নিশ্চিত বুলিও দাবী কৰে। হিমন্ত বিশ্ব শৰ্মাই লগতে দেৰগাঁৱৰ উন্নয়নৰ বাবে আগন্তক দিনত এজেপি-বিজেপিৰ যুটীয়া কমিটিৰ জড়িয়তে দেৰগাঁৱৰ উন্নয়নৰ পদক্ষেপ লোৱা হব ভাষণ প্ৰসংগত কয়। মিত্ৰজোঁটৰ প্ৰাৰ্থী ভৱেন্দ্ৰনাথ ভৰালী জিকিলে দেৰগাঁৱত পঞ্চাছ কিলোমিটাৰ জিপত উঠি ৰেলি কৰিব বুলি অনুৰাগী দলীয় কৰ্মী সকলক কয়। অহা ২০২২ চনৰ ভিতৰত অসমৰ এক লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে চাকৰি পোৱা সকলে নিজ পিতৃ মাতৃৰ সেৱা কৰিব বুলি দাবী কৰে। ইফালে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থী সকলক দুটকীয়া বাহন দিয়াৰ ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিগত সময়চোৱাত মিত্ৰজোঁটৰ চৰকাৰে অসমৰ তথা চাহ বাগিচাৰ ৰাইজৰ বাবে কৰা উন্নয়নমূলক কামকাজৰ বিষয়ে সোঁৱৰাই আৰু কৰিবলগীয়া কামবোৰ বিষয়ে নিজৰ স্বভাৱসুলভ ভাষাৰে উপস্থিত দলীয় কৰ্মী তথা ৰাইজক জনাবলৈ দিয়ে। ইফালে দেৰগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী কেন্দ্ৰীক অসন্তোষ্টী থকাৰ বিষয়টো উত্থাপন কৰি বিজেপি সলনি অগপক দিয়া হৈছে কংগ্ৰেছক দিয়া হোৱা নাই বুলি মন্তব্য কৰে। অসমৰ বাক্ পটুতা তথা কথনশৈলীৰ থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চাবলৈ ৰাইজৰ উৎসাহ দুগুণ দেখা গৈছিলে।

No comments